Local, Vocal, Global

পিয়নৰ চাকৰি কৰিবলৈ গোপন কৰিলে ডিগ্ৰী, শাস্তি বৰ্খাস্ত

স্নাতক হৈ পিয়নৰ চাকৰি কৰিছিল এজন যুৱকে। পাঞ্জাৱ নেচনেল বেংকৰ পিয়নৰ পদত নিযুক্ত হোৱা অমিত কুমাৰ দাস নামৰ এজন যুৱকে আবেদনৰ সময়ত তেওঁ যে স্নাতক সেয়া গোপনে ৰাখিছিল। এই অভিযোগত বেংক কৰ্তৃপক্ষই অমিতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। বিষয়টো পাইছিলগৈ সৰ্বোচ্চ ন্যায়ালয়। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দিলে যে পিএনবি কৰ্তৃপক্ষৰ সিদ্ধান্ত সঠিক। কাৰণ বিজ্ঞাপনত শিক্ষাগত অৰ্হতাৰ মাপকাঠি নিৰ্দিষ্ট থকা সত্বেও অমিতে সেয়া গোপনে ৰাখি পৰীক্ষা দিছিল আৰু চাকৰি পাইছিল। প্ৰথমে উড়িশাৰ উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে বেংকে অমিতক চাকৰিত বাহাল ৰাখিব লাগে। সেই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল বেংক কৰ্তৃপক্ষ। সেই প্ৰসংগতে আজি উচ্চতম ন্যায়ালয়ক জনায় যে যদিহে কোনো কৰ্মচাৰীয়ে শিক্ষাগত অৰ্হতা সম্পৰ্কীয় তথ্য গোপনে ৰাখে বা অসত্য তথ্য প্ৰদান কৰে তেন্তে, তেওঁ চাকৰিত বাহাল থকাৰ দাবী তুলিব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে নিজৰ ৰায়ত কয় যে বেংক কৰ্তৃপক্ষই পিয়ন পদৰ বিজ্ঞাপনত জনাইছিল যে আবেদনকাৰী দ্বাদশ শ্ৰেণী বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু ইংৰাজী লিখিব আৰু পঢ়িব পাৰিব লাগিব। কিন্তু অমিত কুমাৰ আছিল বি এ পাছ। গতিকে আদালতৰ মতে ইচ্ছাকৃতভাৱে ভাবি-চিন্তি অমিত কুমাৰে নিজৰ যোগ্যতা গোপন কৰিছিল। পূৰ্বৰ এক ৰায়ৰ প্ৰসংগৰে ন্যায়ালয়ৰ মন্তব্য তথ্য গোপন কৰা বা অসত্য তথ্য দিয়াটোৱে চাকৰিয়াল বা কৰ্মচাৰী বা আৱেদনকাৰীৰ নৈতিকতাৰ অভাৱকে সূচায়। অমিত কুমাৰ দাসে অধিক যোগ্যতাৰ বাবে সেই চাকৰিৰ আবেদনেই কৰিব নোৱাৰে। অথচ অমিত কুমাৰৰ আবেদনৰ ফলত বঞ্চিত হ’ল কোনোবা এজন সঠিক প্ৰাৰ্থী। ন্যায়ালয়ৰ এই ৰায়ে স্বাভাৱিকতে বিশেষ চৰ্চা লাভ কৰিছে।