দেশত পুনৰ হ’ব নেকি লকডাউন?

বিপাঙত প্ৰধানমন্ত্ৰী মোদী৷ চিন্তাত পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ সম্প্ৰতি দেশত অতি ভয়বহৰূপ লৈছে ঘাতক কৰ’নাই৷ আক্ৰান্তৰ সংখ্যাই বৰ্তমানলৈ অতিক্ৰম কৰিছে ৫৪ লাখৰ ঘৰ৷ কিন্তু দেশত পৰ্যায়ক্ৰমে আৰম্ভ হৈছে লকডাউনৰ শিথিলতা৷ ক্ৰমান্বয়ে স্বাভাৱিক হৈছে দেশবাসীৰ জীৱন পৰিক্ৰমা৷ কিন্তু বৰ্ধিত কৰ’নাত আক্ৰান্তৰ সংখ্যা চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক৷
২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৭ ৰাজ্যত মুখ্যমন্ত্ৰীৰ সৈতে মিলিত হ’ব বৈঠকত৷ দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ভাগ ল’ব এই বৈঠকত৷ কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিপ্ৰেক্ষিত কেইখনমান ৰাজ্যৰ প্ৰশাসন অধিক কঠোৰ হৈছে৷ ইতিমধ্যে ছিকিমত ঘোষণা কৰিছে ৭ দিনীয়া লকডাউন ৷ ৰাজস্থানতো চৰকাৰে জাৰি কৰিছে বহুতো বাধ্য-বাধকতা৷ ৰাজস্থানৰ ১১ খন জিলাত ইতিমধ্যে জাৰি কৰিছে ১৪৪ ধাৰা৷
উল্লেখ্য যে ২৩ ছেপ্টেম্বৰৰ বৈঠকৰ অন্তত হয়তো পুনৰ অধিক কঠোৰ হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰ৷ হয়তো হ’ব পাৰে লকডাউন৷ সকলোবোৰ নিৰ্ধাৰণ কৰিব ২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ বিশেষ বৈঠকৰ অন্ততঃ৷