২৪ ছেপ্টেম্বৰৰ পৰা খোল খাব কামাখ্যা মন্দিৰৰ দুবাৰ
ভক্তৰ বাবে সুখবৰ৷ ২৪ ছেপ্টেম্বৰৰ পৰা খোল খাব কামাখ্যা মন্দিৰৰ দুবাৰ৷ কৰ’নাৰ ভয়ৱহতাৰ বাবেই বিগত বৰ্ষৰ মাৰ্ছ মাহৰ পৰাই বন্ধ হৈ আছিল কামাখ্যা মন্দিৰৰ দুৱাৰ৷ উল্লেখ্য যে নতুন নীতি-নিয়মেৰে ২৪ ছেপ্টেম্বৰৰ পৰা মুকলি হ’ব মা কামাখ্যাৰ দুৱাৰ৷ নীলাচললৈ যাবলৈ প্ৰশাসনে বান্ধি দিছে কেতবোৰ গুৰুত্বপূৰ্ণ নীতি-নিয়ম৷
- প্ৰতিদিনে মাত্ৰ ৫০০ ভক্তইহে দৰ্শন কৰিব পাৰিব মা কামাখ্যাক
- কামাখ্যা দৰ্শন কৰিবলৈ ভক্তই ল’ব লাগিব অনলাইন পাছ৷ অনলাইন আৱেদনযোগে গ্ৰহণ কৰিব লাগিব এই পাছ
- ৬৫ বছৰৰ উৰ্ধৰ আৰু ১০ বছৰৰ তলৰ কোনো লোককে মা কামাখ্যা দৰ্শনৰ বাবে দিয়া নহ’ব অনুমতি
- প্ৰতিঘণ্টাত ১০০জন ভক্তক দৰ্শনৰ বাবে প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছে অনুমতি
- ১৫ মিনিটতকৈ অধিক কোনো ভক্তই থাকিব নোৱাৰিব মন্দিৰ চৌহদত
- ক’ভিড নিগেটিভৰ প্ৰমাণ পত্ৰ দৰ্শনাৰ্থীয়ে দিব লাগিব মন্দিৰ কৰ্তৃপক্ষক
- লক্ষ্যণীয়ভাৱে আৱেদন কৰাৰ তিনিদিন পূৰ্বৰ প্ৰমাণ পত্ৰহে হ’ব প্ৰযোজ্য
- দৰ্শনাৰ্থীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়োজিত থাকিব স্বাস্থ্যকৰ্মীৰো দল
- দৰ্শনৰ পূৰ্বে দৰ্শনাৰ্থীৰ কৰা হ’ব স্বাস্থ্য পৰীক্ষা
- মন্দিৰ চৌহদত থকা পূজাৰ সামগ্ৰী দোকানীসকলে চেনিটাইজাৰ কৰাৰ পিছতহে ভক্তক দিব পাৰিব
- কোনো দৰ্শনাৰ্থীয়ে নীলাচলত থকা অতিথিশালাত থাকিব নোৱাৰিব