টীয়কত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ কাৰ্যসূচী, কবিতাৰে শ্ৰদ্ধা নিবেদন দলীয় নেতাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সপ্তাহযোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছে ভাৰতীয় জনতা পাৰ্টীয়ে। কোনোৱে যদি ৰক্তদান কৰিছে,কোনোৱে আকৌ গছপুলি ৰোপণ কৰিছে। আজি যোৰহাট জিলাৰ টীয়কতো টীয়ক FRU প্ৰাঙ্গনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত ৰক্তদান শিৱিৰৰ আয়োজন কৰা হয়। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত মল্ল বৰুৱা,ৰাষ্ট্ৰীয় কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক দলীয় নেতা কৰ্মী উপস্থিত থকা এই ৰক্তদান কাৰ্যসূচীত প্ৰায় শতাধিক সদস্যই ৰক্তদান কৰে। উল্লেখযোগ্য টীয়কৰে বিজেপি যুৱনেতা দেৱজিত বৰুৱাই প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষেত তেওঁৰ কৰ্মৰাজিৰ প্ৰতি শ্ৰদ্ধা জনাই ব্যতিক্ৰমী ৰূপত এক কবিতা প্ৰস্তুত কৰি ৰাইজলৈ উপহাৰ দিছে। ইতিমধ্যে সামাজিক মাধ্যমত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে দেৱজিত বৰুৱাৰ এই কবিতাটিয়ে।