Local, Vocal, Global

জম্মু আৰু কাশ্মীৰত ৰহস্যজনক পৰিস্থিতিত আৰক্ষীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৮ জুন : কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। শনিবাৰে জম্মু-কাশ্মীৰৰ Pampore অঞ্চলত এজন  off-duty আৰক্ষী বিষয়া নিহত হয়। ফাৰুক আহমেদ মীৰ নামৰ এজন আৰক্ষী উপ পৰিদৰ্শকৰ (Sub Inspector) গুলীবিদ্ধ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হৈছে।

উল্লেখযোগ্য যে, ফাৰুক আহমেদ মীৰ ২৩ IRP বেটেলিয়নত নিযুক্ত হৈ আছিল।

কাশ্মীৰ আৰক্ষীয়ে টুইটাৰ যোগে কয় যে “IRP 23 BNত নিয়োজিত Samboora Si(M)ৰ ফাৰুক আহ মীৰৰ মৃতদেহ তেওঁৰ ঘৰৰ ওচৰৰ ধানখেতিত পোৱা গৈছিল। প্ৰাথমিক Investigation প্ৰকাশ কৰিছে যে তেওঁ কালি সন্ধিয়া ধানখেতিত কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল, য’ত পিষ্টল ব্যৱহাৰ কৰি Terrorists এ তেওঁক গুলীয়াই হত্যা কৰিছিল,” ।