Local, Vocal, Global

PM Narendra Modi will visit assam : অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী;নলবাৰীত প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে

নিউজ ডেস্ক, ১এপ্ৰিল : অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিব প্ৰধানমন্ত্ৰী । অসমলৈ আহি নলবাৰীত প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ(PM Narendra Modi will visit assam)।

১৭ এপ্ৰিলত নলবাৰীত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভা। ইতিমধ্যে শাসকীয় দল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে।

জানিব পৰা মতে, নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৰকুৰাৰ বিশাল কৃষিভূমিত অনুষ্ঠিত হ’ব এই নিৰ্বাচনী সভা। সভাৰ বাবে প্ৰস্তুতি চলাইছে শাসকীয় বিজেপিয়ে। মোদীৰ সভাৰ বাবে পথ নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি বিশাল মঞ্চ আদিৰ বাবে বিধে বিধে প্ৰস্তুতি চলাইছে। ইফালে আজি হেলিকপ্টাৰ লৈ উক্ত স্থান পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰিদৰ্শন কৰি প্ৰতিটো দিশৰ ওপৰত আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে(PM Narendra Modi will visit assam)।

লগতে পঢ়ক :The administration has declared a local holiday for the Lok Sabha elections : লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰ