PM Narendra Modi will visit assam : ১৭ এপ্ৰিলত নলবাৰীত প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

নিউজ ডেস্ক,৪এপ্ৰিল : অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিব প্ৰধানমন্ত্ৰী । অসমলৈ আহি নলবাৰীত প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ(PM Narendra Modi will visit assam)।
১৭ এপ্ৰিলত নলবাৰীত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভা। ইতিমধ্যে শাসকীয় দল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে।জানিব পৰা মতে, বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ বিদাঞ্চল খেলপথাৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিব । সভাৰ বাবে প্ৰস্তুতি চলাইছে শাসকীয় বিজেপিয়ে। মোদীৰ সভাৰ বাবে পথ নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি বিশাল মঞ্চ আদিৰ বাবে বিধে বিধে প্ৰস্তুতি চলাইছে।
ইতিমধ্যে স্থানীয় বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাই প্ৰধানমন্ত্রীৰ এই আগমনৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় সকলো ব্যৱস্থাৰ বুজ লৈছে । প্ৰধানমন্ত্রীয়ে সম্বোধন কৰিবলগীয়া বিশাল নিৰ্বাচনী সভা সাফল্যমণ্ডিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰধানমন্ত্রীৰ উক্ত সভাত দুই লক্ষাধিক লোকৰ সমাগম হ’ব বুলি ধাৰণা কৰা হৈছে ।
উল্লেখ্য যে, বৰপেটা সমষ্টিটো বিজেপিয়ে মিত্রদল অগপক এৰি দিছে আৰু অগপই সমষ্টিটোত প্ৰাৰ্থিত্ব দিছে বিধায়ক ফণীভূষণ চৌধুৰীক । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মিত্রদলৰ প্ৰাৰ্থীগৰাকীৰ হৈ নলবাৰীত প্ৰচাৰ চলাব ।
লগতে পঢ়ক : Wedding Party Vehicle Meets With Accident : নিয়ন্ত্রণ হেৰুৱাই পথতে বাগৰি পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন