Telangana Assembly Elections : তেলেংগানাৰ বিধানসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদানৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : আজি তেলেংগনা বিধানসভা নিৰ্বাচন । পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ।ৰাজ্যখন প্ৰায় ১১৯ টা বিধানসভা সমষ্টিৰ বাবে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া(Telangana Assembly Elections 2023)।আজি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব ৩ ডিচেম্বৰত । উক্ত দিনটোতে ঘোষণা কৰা হব আন চাৰিখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ।
এইবাৰ তেলেংগনা নিৰ্বাচনী যুঁজত ২২৯০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।প্ৰতিদ্বন্দ্বিসকলৰ ভিতৰত ২২১ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ লোক আছে। ৰাজ্যখনত প্ৰায় ৩.১৭ কোটি ভোটাৰ আছে(Telangana Assembly Elections)।
ইফালে ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাবাসীক ১১৯ জনীয়া ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত অভিলেখ সংখ্যাত ভোটদান কৰিবলৈ আহ্বান জনায় ।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টৰ জড়িয়তে জনসাধাৰণক ভোট বিপুল সংখ্যাক ভোট দান কৰি গণতন্ত্ৰৰ উৎসৱত শক্তিশালী ভূমিকা গ্ৰহণৰ আহ্বান জনাইছে(PM Modi urges record voter turnout in Telangana assembly elections) ।
লগতে প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষকৈ যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া লোকসকলক ভোটদান কৰিবলৈও অনুৰোধ জনাইছে।
ইফালে নিৰ্বাচনৰ পূৰ্বে শাসক বিৰোধীয়ে ৰাজ্যখনত জোৰদাৰ প্ৰচাৰ অভিযান চলাই । নিৰ্বাচনী প্ৰচাৰ সভাত এটাই দলে আক্ৰমন কৰিছে আন এটা দলক । এইবাৰ তেলেংগানাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্বাচনী ৰেলী তথা জনসভা সম্বোধন কৰি প্ৰচাৰ অভিযান চলাইছে (Telangana Assembly election 2023)।
সমান্তৰালভাৱে কংগ্ৰেছেও তেলেংগানা দখল কৰাৰ বাবে জোৰধাৰ প্ৰচাৰ চলোৱা দেখা গৈছে ৷ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে তথা চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া ৰাজ্যখনত অবিৰতভাৱে ৰেলীৰ আয়োজন কৰিছে । প্ৰচাৰ অভিযানত কংগ্ৰেছে আক্ৰমণ কৰিছে মোদী চৰকাৰক(PM Modi urges record voter turnout in Telangana assembly elections) ।
ইয়াৰ মাজতে তেলেংগানাত বিজেপি, কংগ্ৰেছ আৰু ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে । বিআৰএছ দলে আটাইকেইখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ২২১ গৰাকী মহিলা আৰু এগৰাকী ট্ৰেন্সজেণ্ডাৰকে ধৰি ১০৯ টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ প্ৰায় ২,২৯০ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । তেওঁলোকৰ ভাগ্য প্ৰায় ৩.১৭ কোটি ভোটাৰে নিৰ্ধাৰণ কৰিব ।
এইবাৰ তেলেংগানাত মুঠ ১০৩ গৰাকী বিধায়কে পুনৰ প্ৰতিদ্বন্দিতা কৰিছে । তেওঁলোকৰ বেছিভাগেই শাসনাধিষ্ঠ ভাৰত ৰাষ্ট্ৰ সমিতিৰ। ভোটাৰসকলে ৰাজ্যজুৰি স্থাপন কৰা ৩৫,৬৫৫ টা ভোটকেন্দ্ৰত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। তেলেংগানাত প্ৰথমবাৰৰ বাবে ৮০ বছৰৰ অধিক বয়সৰ লোক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ঘৰতে ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে । প্ৰায় ২৭,৬০০ গৰাকী লোকে এই সেৱা লাভ কৰিবলৈ সক্ষম হ’ব। ইলেক্ট্ৰনিকভাৱে প্ৰেৰণ কৰা পোষ্টেল বেলট প্ৰণালীৰ জৰিয়তে প্ৰায় ১,০০০ ভোটাৰে ভোটদান কৰিছে ৷
লগতে পঢ়ক : Telangana Assembly Elections 2023 : পুৱা ৭ বজাৰ পৰা আৰম্ভ তেলেংগনা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া