PM Narendra Modi in Rajasthan: সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিত্তৰগড়ত ৭ হাজাৰ কোটি টকাৰ প্ৰকল্প উন্মোচন কৰে
নেশ্যনেল ডেস্ক, ২ অক্টোবৰ : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিত্তৰগড়ত ৭ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে গেছ ভিত্তিক অৰ্থনীতিৰ প্ৰসাৰৰ বাবে মেহছানা-ভটিণ্ডা-গুৰদাছপুৰ গেছ পাইপলাইন আজি জনতাৰ নামত উৎসৰ্গা কৰে(PM Modi unveils projects worth Rs 7000 cr in Chittorgarh) ।
প্ৰায় ৪৫০০ কোটি টকা ব্যয়ৰে এই পাইপলাইন নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আবু ৰোডত এইচ পি চি এলৰ এল পি জি প্লাণ্টটোও আজি মুকলি কৰে । এই প্লাণ্টটোৱে বছৰি ৮৬ লাখ চিলিণ্ডাৰ বিতৰণ কৰা হ’ব আৰু ইয়াৰ ফলত বছৰি চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকসমূহৰ চলাচল প্ৰায় ০.৭৫ মিলিয়ন কিলোমিটাৰ হ্ৰাস পাব ৷ ইয়াৰ পৰিমাণস্বৰূপে বছৰি প্ৰায় ০.৫ মিলিয়ন টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস পাব ৷
১৪৮০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দৰাহ-ঝলাৱাৰ-তীন্দৰ অংশৰ ১২ নং ৰাষ্ট্ৰীয় ঘাইপথত ৪ লেনযুক্ত পথ মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে(PM Narendra Modi in Rajasthan)।
ইফালে ছাৱাই মাধোপুৰত ৰে’লৱে অভাৰ ব্ৰীজখন (ROB) দুইলেনৰ পৰা চাৰিলেন কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে । এই প্ৰকল্পই যান-জঁটৰ সমস্যাৰ পৰা জনতাক সকাহ প্ৰদান কৰাত সহায় কৰিব । ইয়াৰ উপৰি চিত্তোৰগড়-নিমুচ ৰে’লপথ আৰু কোটা–চিত্তোৰগড় বিদ্যুৎচালিত ৰে’লপথৰো আজি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰায় ৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পসমূহৰ ফলত ৰাজ্যখনত ৰে’ল আন্তঃগাঁথনি শক্তিশালী হ’ব বুলি আশা কৰা হৈছে(PM Modi unveils projects worth Rs 7000 crores in Rajasthan Chittorgarh) ।
তদুপৰি এই প্ৰকল্পসমূহে ৰাজস্থানৰ ঐতিহাসিক স্থানসমূহলৈও পৰ্যটন বৃদ্ধি কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীন দৰ্শন আঁচনিৰ অধীনত নাথদ্বাৰাত বিকশিত কৰা পৰ্যটনৰ সুবিধাসমূহ মুকলি কৰে । নাথদ্বাৰ ৰাজস্থানৰ সন্ত বল্লাভাচাৰ্যই প্ৰচাৰ কৰা পুষ্টিমৰ্গৰ লাখ লাখ অনুগামীৰ বিশ্বাসৰ প্ৰধান কেন্দ্ৰ । নাথদ্ৰৱাত আধুনিক ‘পৰ্যটকৰ ব্যাখ্যা আৰু সাংস্কৃতিক কেন্দ্ৰ’ গঢ়ি তোলা হৈছে, য’ত পৰ্যটকে শ্ৰীনাথজীৰ জীৱনৰ বিভিন্ন দিশৰ অভিজ্ঞতা লাভ কৰিব পাৰে ৷ ইয়াৰ উপৰিও তেওঁ ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, কোটাৰ স্থায়ী চৌহদো আজি জনতাৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে । ৰাজস্থান ভ্ৰমণৰ পাছত বিয়লি মধ্যপ্ৰদেশৰ গোৱালিয়ৰলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী । উল্লেখ্য যে, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়কে ধৰি পাঁচখন ৰাজ্যত চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ।
লগতে পঢ়ক :Tragic Accident in Duliajan : শোকাৱহ পথ দুর্ঘটনা; তীব্ৰবেগী ডাম্পাৰ আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষ