Local, Vocal, Global

PM Narendra Modi in Delhi Metro : মেট্ৰ’ৰে দিল্লী বিশ্ববিদ্যালয়লৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক,৩০ জুন : দিল্লীত মেট্ৰ’ ৰে’লত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ মোডীক(PM Narendra Modi in Delhi Metro) । দিল্লী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰে(Delhi University) । ভ্ৰমণৰ সময়ত ৰে’লত তেওঁ সহযাত্ৰীসকলৰ সৈতে মত বিনিময়(PM Narendra Modi in Delhi Metro) ।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিশাল কনভয়ৰ সৈতে যাত্ৰা কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হঠাৎ দেখা গ’ল মেট্ৰ’ ৰে’লত । মেট্ৰ’ ৰে’লৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়ত উপস্থিত হ’ল প্ৰধানমন্ত্ৰীগৰাকী(PM Modi travels to Delhi University by metro) । শুকুৰবাৰে পুৱাই মেট্ৰ’ ৰে’লত দেশৰ প্ৰধানমন্ত্ৰীক দেখা পাই আচৰিত যাত্ৰীসকল । দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানত ভাগ লোৱাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোক কল্যাণ মাৰ্গ মেট্ৰ’ ষ্টেচনত মেট্ৰ’খনত যাত্ৰা কৰে(PM Modi travels to Delhi University by metro) । আনহাতে তেওঁ বিশ্ববিদ্যালয় মেট্ৰ’ ষ্টেচনত ৰে’লৰ পৰা অৱতৰণ কৰে । যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লী মেট্ৰ’ত জনসাধাৰণৰ সৈতেও বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি দিল্লী মেট্ৰ’ত উঠি যাত্ৰা কৰাৰ লগতে নিজেই মেট্ৰ’ ষ্টেচনৰ পৰা কুপনো সংগ্ৰহ কৰে । তেওঁ সহযাত্ৰীসকলৰ সৈতে ফটো তোলাও দেখা যায় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক টুইটযোগে কয় যে দিল্লী মেট্ৰ’ৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীলৈ যোৱাৰ সময়ত যুৱক-যুৱতীসকলক সহযাত্ৰী হিচাপে পাই তেওঁ অত্যন্ত সুখী । তেওঁৰ মেট্ৰ’ ৰে’ল যাত্ৰাৰ ফটোও পোষ্ট কৰে । অৱশ্যে মেট্ৰ’ ৰে’লত প্ৰধানমন্ত্ৰীগৰাকীৰ এয়াই প্ৰথম ভ্ৰমণ নহয় ।

আজি প্ৰধানমন্ত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ত ৩ টা নতুন বিল্ডিঙৰ আধাৰশিলাও স্থাপন কৰিব। দিল্লী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে দিল্লী বিশ্ববিদ্যালয় তিনিওটা ভৱন ক্ৰমে কম্পিউটাৰ চেণ্টাৰ, ফেকাল্টি অফ টেকনলজিৰ ভৱন আৰু বিশ্ববিদ্যালয়খনৰ নৰ্থ কেম্পাচৰ একাডেমিক ব্লক আধাৰশিলা স্থাপন কৰে ।

উল্লেখ্য যে ১৯২২ চনৰ ১ মে’ত দিল্লী বিশ্ববিদ্যালয় স্থাপন হৈছিল । যোৱা ১০০ বছৰত, বিশ্ববিদ্যালয়খন যথেষ্ট বৃদ্ধি আৰু সম্প্ৰসাৰিত হৈছে ।এতিয়া বিশ্ববিদ্যালয়খনত ৮৬ টা বিভাগ আছে । বিশ্ববিদ্যালয়ৰ অধীনত ৯০ খন মহাবিদ্যালয় আৰু ৬ লাখতকৈও অধিক শিক্ষাৰ্থী আছে । বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছে । প্ৰতিবছৰে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা শ শ শিক্ষাৰ্থীয়ে আৱেদন জনায় । দেশৰ বাহিৰৰ পৰাও বহু শিক্ষাৰ্থীয়ে প্ৰতিবছৰে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ।

লগতে পঢ়ক : Tamil Nadu Politics : মন্ত্ৰী চেন্থিলৰ বৰ্খাস্ত স্থগিত ৰখাৰ আদেশ ৰাজ্যপালৰ, অভূতপূৰ্ব পদক্ষেপকলৈ তোলপাৰ তামিলনাডু