Local, Vocal, Global

Manipur Violence : পদত্যাগ নকৰাৰ সিদ্ধান্ত এন বীৰেণ সিঙৰ

নেশ্যনেল ডেস্ক, ৩০ জুন : অৱশেষত পদত্যাগ সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া (Manipur Violence) ৷ টুইটযোগে জনালে, পদত্য়াগ নকৰে তেওঁ(Not resigning) ৷ বহুতো সমৰ্থকে তেওঁক এই পদত্যাগৰ সিদ্ধান্ত বাতিলৰ বাবে দাবী জনাইছিল (Manipur CM N Biren Singh Not resigning)৷

মণিপুৰৰ হিংসাত্মক ঘটনা ৰোধ কৰাত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱশেষত পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল( Manipur CM N Biren Singh) । বিয়লি তিনি বজাৰ পিছত তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা আছিল (Manipur CM N Biren Singh Not resigning)।

ইফালে বীৰেন সিঙৰ সমৰ্থনত একতা প্ৰদৰ্শন কৰি মণিপুৰৰ বিভিন্ন মহিলা সংগঠনৰ মহিলাসকলে শুকুৰবাৰে ইম্ফলৰ নুপি লাল কমপ্লেক্সৰ সন্মুখত একত্ৰিত হৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক পদৰ পৰা পদত্যাগ কৰাত বাধা দিয়ে । ৰাজ্যৰ অশান্তিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ উপযুক্ত সময় নহয় বুলি প্ৰতিবাদকাৰী মহিলাসকলে প্ৰকাশ কৰে। কেৱল ইমানেই নহয়, এই মহিলাসকলে ফালি পেলাই মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ পত্ৰ ।

মণিপুৰৰ পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি মহিলা প্ৰতিবাদকাৰীসকলে বীৰেনে পদত্যাগ কৰাৰ পৰিৱৰ্তে মণিপুৰৰ শান্তি পুনৰুদ্ধাৰৰ দায়িত্ব ল’ব লাগে বুলি জোৰ দিয়ে। তেওঁলোকে তেওঁক সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সক্ৰিয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

প্ৰায় দুমাহ ধৰি মণিপুৰত জ্বলি থকা হিংসাৰ জুইকুৰা আজিও নুমুৱা নাই ৷ প্ৰায় প্ৰতিদিনেই নতুন নতুন সংঘাতৰ সৈতে মোকাবিলা কৰিব লগীয়া হৈছে মণিপুৰৰ জনতাই ৷

ইয়াৰ পাছতে টুইটাৰৰ জৰিয়তে তেওঁ কয় যে, এই গুৰুত্বপূৰ্ণ সময়ত মই স্পষ্ট কৰিব বিচাৰো যে মই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰো । এন বীৰেণ সিঙে পদত্যাগ কৰিব বুলি চৰ্চা হোৱাৰ পিছতে অসংখ্য সমৰ্থকে ইয়াৰ বিৰোধিতা কৰে ৷ মুখ্য়মন্ত্ৰী এন বীৰেণ সিঙৰ বাসগৃহৰ সমুখত আহি ভিৰ কৰেহি অসংখ্য লোকে ৷ হাতে হাতে প্লে’কাৰ্ড লৈ মুখ্যমন্ত্ৰীক পদত্যাগ নকৰিবৰ বাবে অনুৰোধ জনায় সমৰ্থক সকলে ৷ তাৰপাছতে পদত্যাগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বীৰেন সিঙে।

উল্লেখ্য যে, মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সূত্ৰপাত ঘটা গোষ্ঠী সংঘৰ্ষত শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে তিনি সহস্ৰাধিক লোক ৷ হিংসাৰ জুইত ঘৰ-দুৱাৰ জাহ যোৱাত শিবিৰত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে পাহাৰীয়া ৰাজ্যখনৰ কেইবা লক্ষাধিক লোকে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰত ভাৰতীয় সেনাৰ অৰ্ধশতাধিক কোম্পেনী মোতায়ন কৰা হৈছে যদিও শান্ত হোৱা নাই মণিপুৰ ৷

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত চাৰিদিন বাহৰ পাতি পৰিস্থিতি পৰ্যবেক্ষণ কৰে যদিও কোনো সমাধান সূত্ৰ নোলাল ৷ কেইবাজনো ৰাজনৈতিক নেতাৰো ঘৰ জ্বলাই দিলে উত্তেজিত প্ৰতিবাদকাৰীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত মৌনতা অৱলম্বন কৰাত ক্ষোভ দুগুণে বৃদ্ধি পায় মণিপুৰী জনতাৰ ৷ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান চলি থকাৰ মাজতে মণিপুৰত ৰেডিঅ’ ভাঙি জনতাই প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গ’ল ৷

উল্লেখ্য যে, ২০১৭ চনৰ পাছত ২০২২ চনত মণিপুৰত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল এন বীৰেণ সিং ৷ বিভিন্ন সময়ত মণিপুৰত চৰকাৰ ভংগ বা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধাচাৰণ কৰাৰ পৰিবেশ সৃষ্টি হ’লেও শাসনভাৰ চলাই নিছে বীৰেণ সিঙে ৷ কিন্তু প্ৰায় দুমাহে চলি থকা এই হিংসাৰ ফলত এন বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰিছিল ৷ কিন্তু ধৈৰ্য নেহেৰুৱাই, সমস্যাৰে যুঁজ দিয়াৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীৰ ৷

লগতে পঢ়ক : Manipur Violence : মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে পদত্যাগ কৰাৰ সম্ভাৱনা