Local, Vocal, Global

Manipur Violence : শাসনাধিষ্ঠিত বিজেপি দলক কটাক্ষ মল্লিকাৰ্জুন খাৰ্গে

নেশ্যনেল ডেস্ক, ৩০ জুন : প্ৰায় দুমাহ ধৰি হিংসা-সন্ত্ৰাসৰে জৰ্জৰিত হৈ আছে উত্তৰ-পূব ভাৰতৰ অন্যতম ৰাজ্য মণিপুৰ। গোষ্ঠীগত সংঘৰ্ষৰ বাবেই ৰাজ্যখনত সৃষ্টি হৈছে অশান্ত পৰিৱেশৰ (Manipur Violence)।

মণিপুৰৰ এনে পৰিস্থিতিৰ বুজ ল’বলৈ বিভিন্ন সময়ত দল-সংগঠনকে ধৰি ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকল যাত্ৰা কৰে(Mallikarjun Kharge slammed ruling BJP in Manipur) । বৰ্তমানেও ৰাজ্যখনৰ একাংশ জনতাই বাহৰ পাতি থকা শিবিৰসমূহ পৰিদৰ্শনৰ লগতে আৰ্তজনৰ সৈতে মত বিনিময় কৰিবলৈ আহিছিল বিভিন্ন নেতা-কৰ্মী(Manipur Violence)।

শেহতীয়াকৈ বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা ৰাহুল গান্ধী । মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি স্বাভাৱিক নোহোৱাৰ কাৰণে ৰাজ্যখনৰ আৰক্ষী-প্ৰশাসনে কংগ্ৰেছ নেতাগৰাকীৰ সুৰক্ষাৰ বাবে তেওঁক আৰ্তজনৰ ওচৰলৈ যোৱাত বাধা প্ৰদান কৰে।

নেতাগৰাকীক প্ৰশাসনে কৰা বাধা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই । মণিপুৰ আৰক্ষী-প্ৰশাসনৰ এনে কাৰ্যক তেওঁ নাটকীয় আখ্যা দিয়ে।

শাসনাধিষ্ঠিত বিজেপি দলক কটাক্ষ কৰি কয় যে, বিজেপি দলে সদায় ঈৰ্ষা মনোবৃত্তিৰে কথা কয় । একনায়কত্ববাদৰ সৃষ্টি কৰিছে শাসনাধিষ্ঠ দল বিজেপিয়ে ।

খাৰ্গে লগতে উল্লেখ কৰে যে মণিপুৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ যদি বিজেপি দলৰ সভাপতি অমিত শ্বাহকে ধৰি আন নেতা-কৰ্মীসকল যাব পাৰে তেন্তে, বিৰোধী দলৰ নেতা যোৱাত বাধা কিয় বুলি প্ৰশ্ন উত্থাপন কৰে । বিজেপিৰ এনে ঠেক মানসিকতাক সভাপতি খাৰ্গে ধিক্কাৰ দিয়ে ।

লগতে পঢ়ক : Manipur Violence : মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে পদত্যাগ কৰাৰ সম্ভাৱনা