Local, Vocal, Global

PM Modi to unveil projects worth Rs 15,000 crore in West Bengal : পশ্চিম বংগত ১৫ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক,২ মাৰ্চ : শনিবাৰে পশ্চিমবংগত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।পশ্চিমবংগত উপস্থিত হৈ বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ৰাজ্যখনত ১৫ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উন্মোচন কৰে লগতে ৰাজ্যখনত দলীয় প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Modi to unveil projects worth Rs 15,000 crore in West Bengal) ।

জানিব পৰা মতে , শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগ কৃষ্ণনগৰত উপস্থিত হৈ তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ উন্নয়নতকৈ দুৰ্নীতি আৰু তেওঁলোকৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়ে বুলি কয় ।”ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে টিএমচি চৰকাৰে MNREGA ৰ নামতো ৰাজ্যখনত কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ কৰে । মমতা নেতৃত্বাধীন তৃণমূল দলটোৱে বংগৰ ভাবমূর্তি কলংকিত কৰি প্রতিখন আঁচনি কেলেংকাৰীলৈ ৰূপান্তৰিত কৰিছে বুলিও কয় মোদীয়ে(PM Modi unveils projects worth Rs 15,000 crore in Krishnanagar on Day 2 of Bengal visit) ৷

লগতে পঢ়ক : 2 Mancachar-Based Drug Peddlers Arrested : মহানগৰীত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক