Local, Vocal, Global

PM Modi Reveals New Name For Old Parliament Building :  প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে পুৰণি সংসদ ভৱনৰ নতুন নাম

নেশ্যনেল ডেস্ক, ১৯ছেপ্টেম্বৰ : সলনি হ’ল পুৰণি সংসদ ভৱনৰ নাম । মঙলবাৰে সলনি কৰা হ’ল পুৰণি সংসদ ভৱনৰ নাম(PM Modi Reveals New Name For Old Parliament Building) । মঙলবাৰৰ পৰা নতুন সংসদ ভৱনত আৰম্ভ হ’ল সংসদৰ বিশেষ অধিৱেশন । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলো দলৰ সাংসদে পুৰণি সংসদ ভৱনক বিদায় জনায় ।আজি পুৱা পুৰণি সংসদ ভৱনত অনুষ্ঠিত হয় ফটো ছেচন অনুষ্ঠান । সকলো সাংসদ একেলগে বহি ফটো ছেচনত অংশগ্ৰহণ কৰে। ফটো ছেচন অনুষ্ঠান দেখা গ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ।

ইয়াৰ পিছতে পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় সংসদ ২০২৩ ৰ বিশেষ অধিৱেশনৰ কাৰ্যক্ৰমণিকা । ইয়াৰ পিছতেই সকলোৱে প্ৰৱেশ কৰে নতুন সংসদ ভৱনত । পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ আনুষ্ঠানিকভাৱে আগবঢ়াৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৰণি সংসদ ভৱনৰ নাম ঘোষণা কৰে(Old Parliament building renamed Samvidhan Sadan) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৰণি সংসদ ভৱনৰ নাম সলনি কৰি “সংবিধান সদন” নামেৰে নামাকৰণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ শেষ ভাষণত এতিয়াৰে পৰা ভৱনটোক “পুৰণি সংসদ ভৱন” নামৰ সলনি “সংবিধান সদন” হিচাপে মাতিবলৈ আহ্বান জনায়(PM Modi Reveals New Name For Old Parliament Building) ।

লগতে ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে ,আমি “পুৰণি সংসদ ভৱন” বুলি সম্বোধন নকৰি ‘সংবিধান সদন’ বুলি নামাকৰণ কৰিলে ভৱনটোৱে সেই মহান লোকসকলৰ স্মৃতিক সোঁৱৰাই দিব, যিসকল মহান ব্যক্তিয়ে এসময়ত এই ভৱনত বহিয়েই সংবিধানৰ কথা আলোচনা কৰিছিল।

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি,সংসদীয় অনুষ্ঠানৰ বাবে অধিক কাৰ্যকৰী হোৱাকৈ পুৰণি সংসদ ভৱনটোক পুনৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বিপৰীতে কিছু ৰাষ্ট্ৰীয় প্ৰতিবেদনত পুৰণি ভৱনটোৰ এটা অংশ সংগ্ৰহালয়লৈ ৰূপান্তৰিত হ’ব বুলি প্ৰকাশ পাইছে ।

উল্লেখ্য যে এই বছৰৰ মে’ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিছিল। সংসদৰ নতুন ভৱনত লোকসভা সদনত ৮৮৮ জন সদস্য আৰু ৰাজ্যসভা সদনত ৩০০ খন আসন আছে।

লগতে পঢ়ক :India Expels A Senior Canadian Diplomat : ৫ দিনৰ ভিতৰতে ভাৰত এৰি যাবলৈ নিৰ্দেশ জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক