Local, Vocal, Global

Parliament Special Session : আজিৰে পৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশনৰ কাৰ্যসূচী

নেশ্যনেল ডেস্ক, ১৯ছেপ্টেম্বৰ : আজিৰে পৰা নতুন সংসদ ভৱনত সংসদৰ বিশেষ অধিৱেশনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। আজিৰে পৰা অতীত হ’ব পুৰণি সংসদ ভৱন । গণেশ চতুৰ্থী উপলক্ষে এই নতুন ভৱনটোত কাৰ্যবিধি উদ্বোধন কৰা হ’ব । গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত পুৰণি সংসদ ভৱন এৰি আজি সাংসদসকলে নতুন সংসদ ভৱনত প্ৰৱেশ কৰিব । সোমবাৰৰ পৰা আৰম্ভ হৈছিল পাঁচদিনীয়া বিশেষ অধিৱেশন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পুৰণি সংসদ ভৱন লোকসভাত ভাষণ প্ৰদান কৰে (Parliament special session)।

উল্লেখ্য যে,আজি পুৱা পুৰণি সংসদ ভৱনত অনুষ্ঠিত হয় ফটো ছেচন অনুষ্ঠান । সকলো সাংসদ একেলগে বহি ফটো ছেচনত অংশগ্ৰহণ কৰে। ফটো ছেচন অনুষ্ঠান দেখা গ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক(PM Modi Rahul Gandhi and other MP gather for joint photo session) ।

ইয়াৰ পিছতে পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব সংসদ ২০২৩ ৰ বিশেষ অধিৱেশনৰ কাৰ্যক্ৰমণিকা । এই কাৰ্যসূচীত সংসদৰ ঐতিহাসিক উত্তৰাধিকাৰৰ বিষয়ে আলোচনা কৰা হ’ব আৰু ২০৪৭ লৈ ভাৰতৰ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ সংকল্প লোৱা হ’ব ।

এক তথ্য অনুসৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী মোদী, লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গে, পীয়ুষ গোৱাল, মানেকা গান্ধীকে ধৰি বহু কেইজন নেতাই চেণ্ট্ৰেল প্ৰেক্ষাগৃহত ভাষণ প্ৰদান কৰিব ।

মঙলবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব নেতাসকলৰ বক্তৃতা কাৰ্যসূচী আৰু এই কাৰ্যসূচী নিশা প্ৰায় ১২.৩০ বজালৈকে চলিব । ইয়াৰ পিছত আৰম্ভ হ’ব লোকসভাৰ কাৰ্যবিধি । মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানৰ প্ৰতিলিপি লৈ নতুন সংসদ ভৱনলৈ যাব বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক :Parliament special session to commence today : আজিৰে পৰা সংসদৰ ৫ দিনীয়া বিশেষ অধিবেশন