National Unity Day : আজি ৰাষ্ট্ৰীয় একতা দিৱস,ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী
নিউজ ডেস্ক, ৩১অক্টোবৰ : আজি ৰাষ্ট্ৰীয় একতা দিৱস(National Unity Day) ৷ আজি লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী৷ ১৪৮ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষ্যে গুজৰাটত কেন্দ্ৰীয় কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Modi pays tributes to Sardar Vallabhbhai Patel at Statue of Unity on his birth anniversary )।
প্ৰধান মন্ত্ৰীগৰাকীয়ে গুজৰাটত উপস্থিত হৈ নৰ্মদা নদীৰ ওপৰত নিৰ্মিত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তী ‘ষ্টেচু অৱ ইউনিটিত’ত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে(PM Modi pays tributes to Sardar Patel on National Unity Day) ।
গুজৰাটত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।
উল্লেখ্য যে,ভাৰতবৰ্ষত প্ৰতিবছৰে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে অক্টোবৰ মাহৰ ৩১ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে উদযাপন কৰি অহা হৈছে । ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল(PM Modi pays tribute to Sardar Patel at Statue of Unity in Gujarat)।