PM Modi checks on Sonia Gandhi: সংসদত প্ৰধানমন্ত্ৰী মোডী আৰু ছোনিয়া গান্ধীৰ বাৰ্তালাপ, দুয়ো পাতিলে কি কথা ?
নতুন দিল্লী, ২০ জুলাই: কংগ্ৰেছৰ সংসদীয় দলৰ মূৰব্বী ছোনিয়া গান্ধী(Leader of Congress parliamentary party Sonia Gandhi)য়ে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে হোৱা চমু বাৰ্তালাপত অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সদনত আলোচনা কৰিবলৈ আহ্বান জনায় । লোকসভাত কংগ্ৰেছ দলটোৰ এগৰাকী নেতা অধীৰ ৰঞ্জন চৌধাৰীয়ে জনালে এই তথ্য ।
চৌধাৰীৰ মতে, বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনা লোকসভাৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা চমু বাৰ্তালাপত ছোনিয়া গান্ধীয়ে এই দাবী উত্থাপন কৰে (Monsoon Session of Parliament)। লগতে ছোনিয়া গান্ধীয়ে যাত্ৰা কৰা বিমানখনৰ ভোপালত জৰুৰী অৱতৰণৰ সন্দৰ্ভতো কথা পাতিছিল প্ৰধানমন্ত্ৰী মোডীয়ে (PM Narendra Modi)।
সদনৰ বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে সদনৰ শাসক-বিৰোধী দলসমূহৰ সদস্যৰ গেলেৰীলৈ গৈ নেতাসকলক সম্ভাষণ জনায় । বিৰোধীৰ গেলেৰীৰ কাষ পাই প্ৰধানমন্ত্ৰীগৰাকীয়ে গেলেৰীত উপস্থিত থকা ছোনিয়া গান্ধীৰ সৈতে কৰিলে এক চমু বাৰ্তালাপ (PM Modi checks on Sonia Gandhi )।
সাধাৰণতে সংসদৰ অধিৱেশনৰ প্ৰথম দিনা নেতাসকলে ইজনে সিজনক সম্ভাষণ জনায় । চৌধুৰীয়ে এই কথা উল্লেখ কৰি কলে, প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ছোনিয়া গান্ধীয়ে মণিপুৰৰ হিংসাৰ বিষয়টো সদনত আলোচনা কৰিবলৈ আহ্বান জনায়(Discuss on Manipur situation in parliament) ।
বুধবাৰে মণিপুৰত একাংশ লোকে দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা জঘন্য ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে সংসদ কমপ্লেক্সত সাংবাদিকৰ আগত কয় যে, এই ঘটনা যিকোনো সভ্য সমাজৰ বাবে লজ্জাজনক । এই ঘটনাই সমগ্ৰ দেশকে লজ্জিত কৰিলে ।
সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে সংবাদ মাধ্যমক সম্বোধন কৰি প্রধানমন্ত্রীগৰাকীয়ে দেশবাসীক আশ্বাস দিয়ে যে এই গোচৰৰ দোষীক ৰেহাই দিয়া নহ’ব । এই ক্ষেত্ৰত দোষীৰ উপযুক্ত শাস্তিৰ বাবে আইনৰ কঠোৰতকৈ কঠোৰ ব্যৱস্থাক অনুসৰণ কৰিব ৷ তেখেতে ক’লে, ‘মণিপুৰৰ যুৱতীৰ লগত যি কাণ্ড সংঘটিত হ’ল… ইয়াৰ লগত জড়িত দোষীক কেতিয়াও ক্ষমা কৰা নহ’ব।’
উল্লেখ্য যে অহা ১১ আগষ্টলৈকে চলিবলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত ৩০ খনতকৈও অধিক বিধেয়ক গৃহীত কৰাৰ লক্ষ্যৰে চৰকাৰে চেষ্টা চলাইছে ।