Local, Vocal, Global

PM Modi At Rally In Poll Bound Madhya Pradesh : প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনীয় প্ৰচাৰ সভাত কংগ্ৰেছক আক্ৰমণ

নেশ্যনেল ডেস্ক, ৯নৱেম্বৰ : সমাগত মধ্য়প্ৰদেশৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ বাবে তুংগত শাসক বিৰোধী । কঁকালত টঙালি বান্ধি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সাজু হৈছে শাসক বিৰোধী । ৰাজনীতিত বৃদ্ধি পাইছে আক্ৰমণ-প্ৰত্যাক্ৰমণ ।

কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰত বিজেপিক আক্ৰমত কৰাত ইয়াৰ প্ৰত্তুত্যৰত এইবাৰ বিজেপিয়েও প্ৰত্যাক্ৰমণ কৰিছে । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মধ্য়প্ৰদেশত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনীয় প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক আক্ৰমণ কৰে(PM Modi at Satna rally in poll-bound Madhya Pradesh) ।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে “কংগ্ৰেছ আয়ী, তবাহি লায়ী (কংগ্ৰেছ আহিল, নিজৰ লগত ধ্বংস আনিলে)”।”প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে মধ্যপ্ৰদেশৰ উন্নয়নৰ বাবে কংগ্ৰেছৰ কোনো ৰোডমেপ নাই, আৰু মোডীৰ নিশ্চয়তাৰ ওপৰত মানুহৰ বিশ্বাস আছে।”মধ্যপ্ৰদেশৰ উন্নয়নৰ বাবে কংগ্ৰেছৰ কোনো ৰোডমেপ নাই। ৰাজ্যৰ যুৱক-যুৱতীসকলে কংগ্ৰেছত ভৱিষ্যত দেখা নাপায়। মোডীয়ে দিয়া নিশ্চয়তাৰ ওপৰত ৰাজ্যখনৰ বিশ্বাস আছে(‘Congress aayi, tabahi laayi,’ PM Modi at Satna rally in poll-bound Madhya Pradesh)।

নিৰ্বাচনী সভাত মোদীয়ে কয়, “বৰ্তমান সমগ্ৰ বিশ্বতে বোমা আৰু বন্দুকৰ শব্দ শুনা গৈছে । এনে পৰিস্থিতিত ভাৰতে এতিয়া বিশ্বৰ যুদ্ধ মানসিকতাৰ লোকসকলক এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে । আমি এই ভক্তিৰে ৪ কোটি দৰিদ্ৰ লোকৰ ঘৰো নিৰ্মাণ কৰিছোঁ । যিসকলে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই, তেওঁলোকক মোদীয়ে নিশ্চিত কৰিছে যে তেওঁলোকৰ ঘৰো নিৰ্মাণ কৰা হ’ব ।”

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “এতিয়া কংগ্ৰেছৰ মিথ্যাচাৰ ওলাই পৰিছে । মধ্যপ্ৰদেশৰ জনতাৰ মোদীৰ গেৰাণ্টিৰ ওপৰত বিশ্বাস আছে । কংগ্ৰেছ নেতাসকলে কোনো সমৰ্থন লাভ কৰা নাই । তেওঁলোকে ইফালৰ পৰা সিফালে দৌৰি কেৱল হুলস্থুল কৰি আছে ।” ইয়াৰ উপৰি মোদীয়ে কয়, “মোক যি গালি পাৰি আছে তাৰ কাৰণ হৈছে কংগ্ৰেছৰ ক’লাধনৰ দোকান বন্ধ কৰাটো । কংগ্ৰেছৰ ওচৰত কোনো পৰিকল্পনা নাই । এইবাৰ মধ্যপ্ৰদেশৰ নিৰ্বাচন আকৰ্ষণীয় হ’ব । ইয়াৰ প্ৰতিফলন ৩ ডিচেম্বৰত ঘোষিত হ’বলগা ফলাফলত ওলাই পৰিব ।”একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে দিগ্বিজয় সিং আৰু কমল নাথকো পৰোক্ষভাৱে আক্ৰমণ কৰি কয় যে ইয়াত কাপোৰ ছিঙাৰ ৰাজনীতি চলি আছে । বহু বছৰ ধৰি ক্ষমতাৰ সপোন দেখি অহা এই নেতাসকলে তেওঁলোকৰ পুত্ৰসকলক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে( PM Modi At Rally In Poll Bound Madhya Pradesh) ।

উল্লেখ্য যে যে সাতনাত প্ৰধানমন্ত্ৰী মোদীৰ সভাৰ প্ৰভাৱ বিন্ধ্যৰ ৩০ খন বিধানসভা আসনত পৰিব পাৰে । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ৰেৱা জিলাৰ ৮ খন আসন আৰু সাতনাৰ ৭ খন আসনত স্পষ্ট হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীৰ সভা বুন্দেলখণ্ডৰ ছত্ৰপুৰত অনুষ্ঠিত হ’ব । বিজেপিৰ দাবী যে ইয়াৰ ফলত ছত্ৰপুৰৰ ৬খন, পান্নাত ৩খন, টিকমগড়ত ৩খন আৰু নিৱাৰীত ২খন আসন প্ৰভাৱিত হ’ব ।

লগতে পঢ়ক : Nitish Kumar Apologises for his Birth control Remarks : নিজৰ ভূল স্বীকাৰ কৰি ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে