হোজাইৰ ইছলাম নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা !নিহত দুই যুৱক…

ডিজিটেল ডেস্ক:- বৃহস্পতিবাৰে নিশা হোজাইৰ ইছলাম নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰ বেগী মটৰ চাইকেল দুখনৰ মাজত মুখামুখি সংঘৰ্ষৰ।সংঘৰ্ষৰ ফলত থিতাতে নিহত দুই যুৱক ৷
ইছলাম নগৰ চৰকাৰী গাঁওবুঢ়াৰ ঘৰৰ সন্মুখত দুৰ্ঘটনাটো সংঘটিত হয়।নিহত যুৱক দুজন জয়নগৰ কালা মছজিদৰ সমীপৰ ফাৰহাদ আলম আৰু পাৰৱেজ আলম বুলি জানিব পৰা গৈছে।
ঘটনাৰ পিছত শ-শ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু নিহত যুৱকদুজনক হোজাই হাম হাস্পতাললৈ প্ৰেৰণ কৰে।
আনহাতে, এই দুৰ্ঘটনাটোত আন এজন যুৱক গুৰুতৰভাবে আহত হয় আৰু সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়।
পিছত ঘটনাস্থলত নীলবাগান আৰু হোজাই থানাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ মটৰ চাইকেল দুখন উদ্ধাৰ
ৰাইজৰ অভিযোগ অনুসৰি, ৰমজান মাহত ১৫/ ২০ জনীয়া যুৱকৰ দলে ডবকা, নীলবাগান, ইছলাম নগৰ ,জয়নগৰ আদি এলেকাত তীব্ৰ বেগত মটৰ চাইকেল চলাই সন্ত্ৰাস সৃষ্টি কৰি আহিছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।