অসমত বৰ্তমানলৈ কিমানগৰাকীয়ে দান কৰিলে প্লাজমা

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি হৈয়ে আছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। আগষ্ট মাহৰ পৰাই প্ৰতিদিনে ৰাজ্যত ২৫০০ পৰা ৩০০০ আক্ৰান্ত হৈছে ক’ভিড-১৯ত। কেন্দ্ৰীয় চৰকাৰে লকডাউন শিথিল কৰাৰ পিছতো ৰাজ্য চৰকাৰে গুৱাহাটী মহনগৰীত কাৰ্যকৰী কৰিছিল তিনিটা সপ্তাহজোৰা কঠোৰ লকডাউন। তথাপিতো ৰোধ হোৱা নাই কৰ’নাৰ সংক্ৰমণ। সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২৮,৫০৭ গৰাকী ৰোগী। কিন্তু ইয়াৰ মাজতে সুস্থ হৈছে ৯৫,০৬০ গৰাকীকৈ লোক।
দেশৰ আন ৰাজ্যৰ সমান্তৰালকৈ অসমতো কৰ’নাত আক্ৰান্ত হৈ স্বাস্থ্যৰ জটিল হোৱা ৰোগীসকলক দিয়া হৈছে প্লাজমা। বৰ্তমানলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,সাংসদ তপন গগৈসহ কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ লগতে চিকিৎসক আৰু বিভিন্ন ক্ষেত্ৰৰ লোকৰ দেহত প্লাজমা দিয়া হৈছে।
ৰাজ্যত শুকুৰবাৰৰ নিশালৈকে প্লাজমা দান কৰিছে সৰ্বমুঠ ৬৮৭ গৰাকীয়ে। বৰ্তমানলৈ ৰাজ্যত প্লাজমা দান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ১২৩৭ গৰাকীয়ে।আৰু সমান্তৰালকৈ ৭২৪ গৰাকী লোকে নিজৰ নাম পঞ্জীয়নো কৰিছে। GMCH ত এতিয়ালৈকে মুঠ ৯৯১ গৰাকী লোকৰ পৰীক্ষা কৰাৰ অন্তত প্লাজমা দিয়াৰ বাবে অনুমতি দিয়া হৈছিল যদিও এতিয়ালৈকে ৪৮৭ গৰাকী লোকে প্লাজমা দান কৰিছে।
তেজপুৰ চিকিৎসা মহাবিদ্যালয়তো শুকুৰবাৰলৈকে প্লাজমা দান কৰিছে মুঠ ৪৫ গৰাকীয়ে। অসম চিকিৎসা মহাবিদ্যালয়তো ৪১ গৰাকী লোকে প্লাজমা দান কৰিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান কৰাৰ লোকৰ সংখ্যা ৪৩ গৰাকী। আনহাতে, শিলচৰ মহাবিদ্যালয় হাস্পতালত এতিয়ালৈকে ৭১ গৰাকী লোকে দান কৰিছে প্লাজমা।