Local, Vocal, Global

Pistol recovered at Bolbom: প্ৰকৃততে ব’ল ব’মৰ নামত চলিছে কি ?

গুৱাহাটী, ৭জুলাই : আচলতে ব’ল ব’মৰ নামত চলিছে কি ? বশিষ্ঠ মন্দিৰ প্রাংগণত একাংশ যুৱকৰ উদ্ভণ্ডালি। শিৱ আৰাধনাৰ নামত একাংশ উদণ্ড যুৱকে কৰিছে চৰম অসভ্যালি। ভক্তি নামত যেন নিচাযুক্ত দ্ৰব্য সেৱনৰ মেলা হৈছে ব’ল ব’মৰ !

বিগত দিনত ব’ল ব’ম বুলি ক’লে বাতৰিৰ শিৰোনাম দখল কৰা বশিষ্ঠ মন্দিৰত ড্ৰাগছ, ভাং লগতে নিচাজাতীয় সামগ্ৰীৰ । ড্রাগছ,সুৰা, গাঞ্জা, সেৱন কৰি একাংশ উদণ্ড যুৱকে প্রৱেশ কৰিছে মন্দিৰত । ভক্তিৰ নামত একাংশ উদণ্ড যুৱকে নিচাগ্রস্ত হৈ শালীনতাৰ চৰম সীমা অতিক্রম কৰিছে। আনকি কণ কণ শিশুৰ হাততো দেখা গৈছে ড্রাগছৰ কণ্টেইনাৰ।

ব’ল ব’মত চলাইছে চৰম অসভ্যালি(Pistol recovered at Bolbom)। কিশোৰৰ হাতত ড্ৰাগছৰ কন্টেইনাৰ। প্ৰতিদিনে ব’ল ব’মত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ । প্ৰতিজন ভক্তৰ হাতত যেন সুলভ মাৰাত্মক ড্ৰাগছ(bolbom drugs seized) ৷ দেওবাৰে নিশা ব’ল ব’মত শিৱ ভক্তৰ হাতৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছ ৷ দেওবাৰে নিশা ড্ৰাগছসহ আটক কৰে শিৱ ভক্ত কিশোৰ এজনক। জানিব পৰা মতে আটক কৰা কিশোৰজনৰ ঘৰ আমিনগাঁও মধ্যবস্তিত ।জানিব পৰা মতে, কিশোৰজন দশম শ্ৰেণী ছাত্ৰ। একাংশৰ লোকৰ অভিযোগ অনুসৰি, ব’ল ব’মৰ সুযোগ লৈ যেন এতিয়া একাংশ লোকে ড্ৰাগছৰ মুকলি বেহা কৰিছে আৰু ড্ৰাগছ সেৱনৰ স্থান হৈ পৰিছে বশিষ্ঠ মন্দিৰৰ প্ৰাংগণ ।

ইয়াৰ উপৰিও এইবাৰ উদ্ধাৰ পিষ্টল ৷এই ঘটনা পোহৰলৈ অহাৰ পিছতে বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই ঘটনাৰ সম্পৰ্কে আৰক্ষীক অৱগত কৰে ৷ তাৰ পাছতে আৰক্ষী উপস্থিত হৈ পিষ্টলটো জব্দ কৰে ৷অৱশ্যে আৰক্ষীৰ পৰীক্ষণত অন্তত বশিষ্ঠ মন্দিৰৰ পৰা উদ্ধাৰ হোৱা পিষ্টলটো এটা লাইটাৰ বুলি ধৰা পৰে ৷

উল্লেখ্য যে, বশিষ্ঠ মন্দিৰৰ উদ্ধাৰ পৰা প্ৰতিদিনে উদ্ধাৰ হৈছে ছুৰী, ডেগাৰ, ড্ৰাগছ, মদ, ভাঙকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ।এইবাৰ উদ্ধাৰ হয় পিষ্টল সদৃশ লাইটৰ। আচলতে একাংশ যুৱকে শিৱ আৰাধনাৰ নামত চলাই আছে কি ?

তাৰ সমান্তৰালকৈ একাংশ যুৱক-যুৱতীৰ ভক্তিৰ নামত উদ্দাম নৃত্যই কৰিছে যাৰ ফলত মন্দিৰৰ আধ্যাত্মিকতা বিনষ্ট কৰাৰ অভিযোগ উঠিছে । একাংশ যুৱকৰ কৰ্ম-কাণ্ডক লৈ এতিয়াই চিন্তিত হৈ পৰিছে সচেতন মহল ।

লগতে পঢ়ক :bolbom drugs seized: ব’ল ব’মৰ নামত চলিছে কি ? হাতে হাতে উদ্ধাৰ ড্ৰাগছৰ কন্টেইনাৰ