Local, Vocal, Global

Mother Physically Harassed by Son : মহানগৰীত নিজ জন্মদাত্ৰী মাতৃক খুঁটাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ পুত্ৰৰ

নিউজ ডেস্ক, ৭ আগষ্ট : কুলাংগাৰ পুত্ৰৰ জঘন্য কাণ্ড। বৃদ্ধা মাতৃক চৰম শাৰিৰীক নিৰ্যাতন পুত্ৰৰ (Mother Physically Harassed by Son)। নিজ জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ । গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এই নিৰ্লজ্জ কাণ্ড । মহানগৰীৰ হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই অমানৱীয় ঘটনা ।

জানিব পৰা মতে সমৰজ্যোতি ভৰালী নামৰ লোকজনে নিজ জন্মদাত্ৰী মাতৃক খুঁটাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । লাঠীৰে কোবাই কোবাই মাতৃক প্ৰহাৰ কৰে পুত্ৰই । ইয়াতে ক্ষান্ত নাথাকি মৰিয়াই মৰিয়াই মাতৃৰ গাত গৰমপানীও ঢালি দিয়া অভিযোগ । প্ৰায়ে বৃদ্ধা মাতৃক চোতালত ৰছীৰে বান্ধি থৈ দিয়ে পুত্ৰই ।

সমৰজ্যোতি ভৰালী ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান এটাত কৰ্মৰত বুলি জানিব পৰা গৈছে । দীৰ্ঘদিন ধৰি পুত্ৰ এনে শাৰিৰীক নিৰ্যাতন চলাই থকাৰ অভিযোগ তুলিছে চুবুৰীয়াই । একাংশ স্থানীয় লোকৰ মতে আলজেইমাৰ ৰোগৰ চিকাৰ মাতৃগৰাকী । এই ঘটনাৰ খবৰ পাই দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ঘৰৰ পৰাই আটক কৰিছে সমৰজ্যোতি ভৰালীক ।

সমৰজ্যোতিৰ মোমায়েকৰ ভাষ্য অনুসৰি, “বহু দিনৰ পৰা সমৰ জ্যোতি ভৰালীয়ে ভাবুকি দি আহিছে পৰিয়ালক। কোনো কাৰণ নোহোৱাকৈ মাতৃক অত্যাচাৰ কৰে কুলাংগাৰ পুত্ৰ সমৰে।” মাতৃয়ে সমৰক আৰ্থিক সহযোগিতা কৰিব নোৱাৰাৰ বাবে সমৰে মাৰপিট কৰে বুলি অভিযোগ পৰিয়ালৰ। সমৰৰ অত্যাচাৰত অসহায় মাতৃ মানসিকভাৱে অসুস্থ হৈ পৰে।

উল্লেখযোগ্য যে, ওচৰ চুবুৰীয়া সকলো লোক দৈনিক অতিষ্ঠ হয় সমৰৰ অত্যাচাৰত। বহু দিন ধৰি অত্যাচাৰ কৰি আহিছে মাতৃক। স্থানীয় লোকৰ ভাষ্য অনুসৰি, বহুদিনৰ পৰাই ঘৰখনত মাৰপিট হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ থকা পৰিলক্ষিত হৈ আহিছে। সমৰে প্ৰায়ে মাৰপিট কৰে মাতৃক। কোলাহলত অতিষ্ঠ হয় চুবুৰীয়া।

আনহাতে জানিব পৰা মতে এক মাত্ৰ পুত্ৰক বচাবৰ বাবে আৰক্ষীৰ আগত নিৰ্যাতন চলোৱা নীই বুলি মন্তব্য কৰে মাতৃয়ে । আৰক্ষীৰ তদন্তত মাতৃক অত্যাচাৰ কৰাৰ কথা অস্বীকাৰ কৰে সমৰজ্যোতি ভৰালীয়ে ।