Local, Vocal, Global

Cambodian New PM : কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী নিযুক্তি

ইন্টাৰনেশ্যনেল ডেস্ক, ৭আগষ্ট : কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হ’ল হুন মানেট। দেশখনৰ ৰজা ছিহামানীয়ে দিলে নতুন প্ৰধানমন্ত্ৰীৰ নিযুক্তি।কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হ’ল চাৰি দশক ধৰি ক্ষমতাত থকা হুন চেনৰ পুত্ৰ হুন মানেট(Cambodian New PM) । দক্ষিণ-পূব এছিয়াৰ ৰজা নৰোডাম ছিহামানীয়ে তেওঁক নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ।উল্লেখ্য যে তাৰ আগতে হুন মানেটে সংসদত আস্থা ভোটত জয় লাভ কৰিব লাগিব(Cambodian King to Appoint Hun Sen Son as New Prime Minister) ।

উল্লেখ্য যে ,পুত্ৰ হুন মানেটক নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে ৰজাৰ আদেশৰ খবৰটো হুন চেনে নিজেই তেওঁৰ টেলিগ্ৰাম চেনেলত ঘোষণা কৰে(Cambodian king appoints Hun Manet as new PM)।

১৯৮৫ চনৰ পৰা কম্বোডিয়াত শাসন কৰি আহিছে খামেৰ ৰুজৰ প্ৰাক্তন নেতা হুন চেনে। যোৱা মাহত নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ লগতে ডাঙৰ পুত্ৰক ক্ষমতা অৰ্পণ কৰাৰ কথা ঘোষণা কৰিছিল। সেই নিৰ্বাচনত সংসদৰ নিম্ন সদনৰ ১২৫খন আসনৰ ভিতৰত ১২০খন আসনত হুন চেনৰ কম্বোডিয়ান পিপলছ পাৰ্টিয়ে জয়লাভ কৰিছিল।

খবৰ অনুসৰি, বিৰোধী দল কেণ্ডেললাইট পাৰ্টিক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ল। পশ্চিমীয়া বিশ্বই এই নিৰ্বাচনক প্ৰৱঞ্চনা বুলি অভিহিত কৰিছে। নিৰ্বাচনৰ পিছত আমেৰিকাই কম্বোডিয়াত একাংশ লোকৰ ওপৰত ভিছা নিষেধাজ্ঞা জাৰি কৰিছে, লগতে কিছুমান বিদেশী সাহায্য কাৰ্যসূচী স্থগিত ৰখা হয়(Cambodian king names Hun Sen`s son as new PM in royal decree)।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে এক বিবৃতিত কয় যে,”কম্বোডিয়াৰ নিৰ্বাচন মুক্ত আৰু নিকা নিৰ্বাচন নহয় । নিৰ্বাচনত প্ৰধানমন্ত্ৰী হুন চেনৰ চিপিপি দলৰ কোনো শক্তিশালী বিৰোধী দল নাছিল।ক্ষমতাত থকাৰ সময়তে হুন চেনে বিৰোধী দলসমূহৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। তেওঁক প্ৰত্যাহ্বান জনোৱাসকলক দেশ এৰি যাবলৈ বাধ্য কৰোৱাইছে আৰু বাক স্বাধীনতা খৰ্ব কৰিছে। তেওঁৰ পুত্ৰ মানেট এজন জ্যেষ্ঠ সামৰিক বিষয়া আৰু দেশৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ মুৰব্বী। যোৱা মাহৰ নিৰ্বাচনত তেওঁ এখন আসনত জয় লাভ কৰিছিল । ৪৫ বছৰীয়া মানেট আমেৰিকাৰ সামৰিক একাডেমীত প্ৰশিক্ষণ প্ৰাপ্ত। তেওঁ যুৱ বয়সৰ সময়ছোৱা বিদেশতে কটাইছে(Cambodian king appoints Hun Sen son new PM)।

লগতে পঢ়ক : Rahul Gandhi disqualification :প্ৰত্যাহাৰ হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ নিৰ্দেশনা