Local, Vocal, Global

Watch | Pijush hazarika : ‘মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিবলৈ প্ৰথমে কংগ্ৰেছে চৰকাৰ গঠন কৰিব লাগিব’

জাগীৰোড: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিবলৈ প্ৰথমে কংগ্ৰেছে চৰকাৰ গঠন কৰিব লাগিব ৷ সাগৰলৈ যেনেকৈ বহুদূৰ, তেনেকৈ কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰা বহুদুৰ ৷ জাগীৰোডত মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷ তেওঁ ৰাহুল গান্ধী কটাক্ষ কৰি লগতে কয় যে,-” মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ বাহিৰে ৰাহুল গান্ধীৰ মনমগজুত বেলেগ একো নাই “৷ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক অসম বিৰোধী আখ্যা দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

কংগ্ৰেছৰ ছয়গাঁৱত অনুষ্ঠিত “কৰ্মী সভা” আৰু সতীৰ্থ সন্মিলনত অংশ লৈ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভাষণৰ মাজতে কৈছিল-“অসমৰ ভূমিৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ , নিৰ্বাচনৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাক জে’লত দেখিব অসমৰ ৰাইজে”।

আৰু ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতে জাগীৰোডত গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লৈ ৰাহুল গান্ধীক কটাক্ষ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷

উল্লেখ্য যে, মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু জাগীৰোড গাঁও পঞ্চায়তৰ সহযোগত জাগীৰোডৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এশজোপা গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লোৱাৰ লগতে আবৰ্জনা পেলাবলৈ তিনিখন বাহন মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

লগতে পঢ়ক: Watch | Mallikarjun Kharge and Rahul Gandhi arrives in Guwahati : আজি অসমত আহি উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জু আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী