আজিও বৃদ্ধি পালে পেট্ৰ’ল- ডিজেলৰ মূল্য
নিউজ ডেস্ক, ২ এপ্ৰিলঃ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য শনিবাৰৰ দিনটোতো প্ৰতিলিটাৰত ৮৯ পইচা বৃদ্ধি কৰা হৈছে। যাৰ ফলত বিগত ১২ দিনত ১০ বাৰকৈ প্ৰতি লিটাৰ পেট্ৰলৰ দাম বৃদ্ধি হ’ল মুঠ ৭.২০ টকা।
শনিবাৰে দেশৰ বিভিন্ন চহৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৭৬ পইছাৰ পৰা ৮৫ পইছা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত দিল্লীত পেট্ৰ’লৰ মূল্য ১০২.৬১ টকা আৰু ডিজেলৰ মূল্য ৯৩.৮৭ টকা। কলকাতাত পেট্ৰ’লৰ মূল্য ১১২.১৯ টকা, ডিজেলৰ মূল্য ৯৭.০২ টকা।
মুম্বাইত পেট্ৰ’লৰ মূল্য ১১৭.৫৭ টকা আৰু ডিজেলৰ মূল্য হৈছেগৈ ১০১.৭৯ টকা। একেদৰে চেন্নাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হৈছে ১০৮.২১টকা।
গুৱাহাটীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ১০২.৫৭ টকা। সেইদৰে প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৮.৪৬টকা।
পেট্ৰ’ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷ বিগত দিন কেইটাত প্ৰতিদিনেই ৮০ পইচা কৈ বৃদ্ধি পাইছে ইন্ধনৰ মূল্য।