Local, Vocal, Global

বিহালীত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

নিউজ ডেস্ক, ১ এপ্ৰিলঃ পেট্ৰ’ল-ডিজেলৰ লগতে ইন্ধনজাত সামগ্ৰী আৰু আন সামগ্ৰীৰ আকাশলঙ্ঙী মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে বিহালীৰ বৰগাঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা।

আনহাতে বৰগাঙ চেণ্টাৰত প্ৰতিমূৰ্তি দহনৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰে।

লগতে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলে কয় যে, ৰাইজক মাধমাৰ দি যিদৰে মূল্যবৃদ্ধি, টোলগেটৰ কৰ বৃদ্ধি কৰিছে তাৰপৰা যাতে অসমৰ ৰাইজক পৰিত্ৰাণ দিবলৈ দাবী জনায় অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি জানিব দিয়ে।