Local, Vocal, Global

পুনৰ দেশত বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য

নিউজ ডেস্ক, ২৬ মাৰ্চঃ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। ধাৰাবাহিকভাৱে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্যই। শেহতীয়াকৈ পাঁচ দিনৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্যই।

শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত ৮০ পইছাকৈ বৃদ্ধি পাইছে। ইপিনে ৰাজধানী দিল্লীত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৬১ টকা আৰু ডিজেলৰ মূল্য ৮৯.৮৭ টকা।

ইয়াৰপূৰ্বে ২২, ২৩ আৰু ২৫ মাৰ্চতো ৮০ পইছাকৈ বৃদ্ধি কৰা হৈছিল পেট্ৰ’ল-ডিজেলৰ মূল্য।

ইফালে দাম বৃদ্ধিৰ ফলত গুৱাহাটী মহানগৰীত শনিবাৰে পুৱা পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯৮ টকা ১০ পইচা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰত মূল্য ৮৪ টকা ১৯ পইচা।

উল্লেখ্য যে, ৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে ধাৰাবাহিকভাৱে মূল্যবৃদ্ধিৰ আৰম্ভ হৈছে।