Local, Vocal, Global

বিলাসীপাৰাত ভয়াৱহ অগ্নিকাণ্ড, নিমিষতে জাহ গ’ল লক্ষাধিক টকাৰ সা-সম্পত্তি

নিউজ ডেস্ক,২৬ মাৰ্চঃ ৰাজ্যত প্ৰতিদিনে চৰ্ট চাৰ্কিটৰ ফলত বহু ঘৰ-বাৰী জুইত পুৰি ছাৰখাৰ হয়। শুকুৰবাৰে নিশা বিলাসীপাৰাৰ বগৰীবাৰীৰ খানাবাৰী গাঁৱত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।

নিশা প্ৰায় ১০.৩০ মান বজাত আজিজ মিঞা নামৰ লোকজনৰ ঘৰত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।

এই অগ্নিকাণ্ডৰ ফলত নিমিষতে প্ৰায় ১০ লক্ষাধিক টকাৰ সম্পত্তি, লাগতিয়াল নথিপত্ৰ জুইত জাহ যায়। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সঠিক কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলত হ’ব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

শেষত স্থানীয় ৰাইজ আৰু বিলাসীপাৰা অগ্নিনিৰ্বাপক বাহিনীৰ যৌথ প্ৰচেষ্টাত জুই নুমুৱালৈ সক্ষম হয়।