Local, Vocal, Global

লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত ফৰেষ্ট বেটেলিয়ান

নিউজ ডেস্ক,২৬ মাৰ্চঃ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এগৰাকী ফৰেষ্ট বেটেলিয়ান। লগতে আহত হয় দুজনকৈ স্থানীয় লোক। এই ঘটনা সংঘটিত হয় নিশা প্ৰায় ৩ বজাত। নিহত বেটেলিয়ানজন ৰংজুলি হাদীপাৰা গাঁৱৰ এণ্টনি খাকলাৰী।
দীৰ্ঘদিনৰ পৰাই লক্ষীপুৰ বনবিভাগৰ অধীনৰ বনাঞ্চলত আশ্ৰয় লোৱা বনৰীয়া হাতীৰ জাকটোৱে বিভিন্ন অঞ্চলত তাণ্ডৱ চলাই আহিছিল।

হাতীৰ জাকটোৱে ঘৰৰ পৰা আৰম্ভ কৰি খেতিপথাৰলৈ এফালৰ পৰা তহিলং কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে। সেয়েহে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বনবিভাগে সময়ে সময়ে অভিযান চলাই আহিছিল।

নিশাও বনৰীয়া হাতীৰ জাকটোক জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ লক্ষীপুৰ বনবিষয়াসহ এটি বনবিভাগৰ দলে উপস্থিত হৈছিল গৌড়নগৰৰ শালবাৰী দ্বিতীয় খণ্ড গাঁৱত।

যথাস্থানত উপস্থিত হৈ বন্যহস্তীৰ জাকটোক কৌশলগতভাৱে খেদিবলৈ লোৱাৰ সময়তেই দুটাকৈ বনৰীয়া হাতীয়ে বনবিভাগৰ লোকসকলক খেদি আহে।

ইয়াৰপিছতেই হাতী দুটাই এণ্টনি খাকলাৰীক গচকি দিয়াত নিহত হয় বনকৰ্মীজন। এই ঘটনাৰ পিছতেই সমগ্ৰ লক্ষীপুৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।