Local, Vocal, Global

শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছতো দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে পেট্ৰ’ল-ডিজেলৰ মূল্য

নিউজ ডেস্ক, ৫ এপ্ৰিল : ব’হাগ বিহুৰ পূৰ্বে জনতাক মাধমাৰ চৰকাৰৰ। সাধাৰণ জনতাৰ দুখ-দুৰ্দশাৰ প্ৰতি যেন অকণো কাণসাৰ নাই চৰকাৰৰ। বিগত ১৫ দিনত ১৩ বাৰকৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম। এতিয়া এনেদৰেই জীয়াতু ভূগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ।

শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছতো দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে পেট্ৰ’ল-ডিজেলৰ মূল্য

আনহাতে, পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য । ১৫ দিনত ৯.২০ টকা বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মংগলবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ৮৯ পইচাকৈ আৰু প্ৰতি লিটাৰ ডিজেলত ৮৫ পইচাকৈ বৃদ্ধি পাইছে। এনেদৰে বৰ্ধিত মূল্যৰ বাবেই হাৰাশাস্তি ভূগিছে জনতাই।

শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছতো দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে পেট্ৰ’ল-ডিজেলৰ মূল্য

উল্লেখযোগ্য যে, গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৪.৭৭ টকা, আনহাতে প্ৰতি লিটাৰ ডিজেলত ৯০.৫৬ টকা কৈ বৃদ্ধি । অসমৰ আন আন জিলাতো অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধি পাবলৈ ধৰিছে পেট্ৰ’ল-ডিজেলৰ মূল্য। মাজুলীত প্ৰতি লিটাৰ পেট্ৰ’লত ১০৭.২৮ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৯২.৮৮ টকা। থিক তেনেদৰে, লখিমপুৰত পেট্ৰ’লৰ মূল্য ১০৬.৬৯ টকা আৰু ডিজেলত ৯২.৮৮ টকাকৈ বৃদ্ধি। শিৱসাগৰত প্ৰতি লিটাৰ পেট্ৰ’লত ১০৬.১১ টকা আৰু ডিজেলত ৯১.৮০ টকা। বৰপেটাত পেট্ৰ’লৰ মূল্য ১০৫.৩৩ টকা আনহাতে ডিজেলত ৯১.০৭ টকা । কোকৰাঝাৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হ’ল গৈ ১০৫.৩৭ টকা । বিশ্বনাথত পেট্ৰ’লৰ মূল্য ১০৫.৭০ টকা।