ভৰা লুইতত জাঁপ দি আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ

নিউজ ডেস্ক, ৫ এপ্ৰিল : ভৰা লুইতত জাঁপ দি আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ । পুনৰ মাজুলীত সংঘটিত হৈছে অঘটন। ইটোৰ পাছত সিটো ঘটনাই জোকাৰি গৈছে মাজুলীবাসীক।
এইবাৰ আত্মহত্যাৰ উদ্দেশ্যেৰে ফেৰীৰ পৰা ভৰা লুইতত জাঁপ দিলে এজন যুৱকে। নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাট অভিমুখী ফেৰীত সংঘটিত হয় এই অঘটন।

উল্লেখযোগ্য যে, RPL ডিগাৰু নামৰ ফেৰীখনৰ পৰা ব্রহ্মপুত্রত জাঁপ দিলে যুৱকজনে। আত্মহত্যাৰ উদ্দেশ্যেৰে লুইতত জাঁপ দিছিল যুৱকজনে।
ইতিমধ্যে, যাত্রী তথা ফেৰীৰ কৰ্মচাৰীৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে যুৱকজনক। বৰ্তমান যুৱকজনক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে।