চিৰাঙত আকৌ গুলী চালনাৰ ঘটনা, গুলী চালনাত নিহত তিনিজন, আহত এগৰাকী আৰক্ষী বিষয়া

নিউজ ডেস্ক, ৫ এপ্ৰিল : ৰাজ্যত এতিয়া সোঁত দৰেই বৃদ্ধি পাবলৈ ধৰিছে অপৰাধৰ ঘটনা। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা৷ ৰুণিখাতা থানাৰ অন্তৰ্গত চিদাগুৰিত দুৰ্বৃত্তৰ আৰু আৰক্ষীৰ মাজত চলে গুলীয়াগুলী ৷ আৰক্ষীৰ গুলীচালনাত নিহত হয় দুজনকৈ অস্ত্ৰধাৰী যুৱক আৰু এই গুলীয়াগুলীতেই আহত হৈছে চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী৷ উত্তপ্ত ঘটনাস্থলীতে উদ্ধাৰ হয় দুটা পিষ্টলকে ধৰি বিভিন্ন মাৰণাস্ত্ৰ সামগ্ৰী ৷

আনহাতে, চিৰাঙৰ আন এক ঠাইতো সংঘটিত হয় উত্তপ্ত পৰিস্থিতিৰ। ধালিগাঁও থানাৰ অন্তৰ্গত খামাৰপাৰাতো সংঘটিত হয় আন এক গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত নিহত হয় চিৰাঙৰ এজন যুৱক যুৱক ৷ বাইকত অহা কোনো দুৰ্বৃত্তই গুলীয়াই থৈ গ’ল ৰাজা বড়ো নামৰ যুৱকজনক৷ ফলত ঘটনাস্থলীতে নিহত হৈ পৰে যুৱকজন।