Local, Vocal, Global

Man died from poisonous liquor: তামিলনাডুত বিষাক্ত সুৰা সেৱনৰ ফলত ১১জনৰ মৃত্যু, নিহতৰ লগতে আহতৰ পৰিয়াললৈ চৰকাৰৰ সাহায্য

নেশ্যনেল ডেস্ক, ১৫ মে’ : শনিবাৰে তামিলনাডুত বিষাক্ত সুৰাপান কৰি মৃত্যু বৰণ কৰিছিল ১১ জনকৈ লোকে (Man died from poisonous liquor)। তাৰোপৰি ৩০ জনতকৈও অধিক লোক আক্ৰান্ত হৈ বৰ্তমান চিকিত্‍সালয়ত চিকিত্‍সাধীন হৈ আছে বুলি স্থানীয় প্ৰশাসনৰ পৰা জানিব পৰা গৈছে (More than 30 people admitted to hospital)। ইফালে এই ঘটনাৰ পিছতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে(Tamil Nadu Chief Minister M K Stalin) ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে মৃত লোকসকলৰ পৰিয়াললৈ ১০ লাখকৈ টকাৰ ক্ষতিপূৰণ আৰু চিকিৎসাধীনসকলৰ বাবে ৫০,০০০ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে ।

ঘটনাৰ বিৱৰণ অনুসৰি, ৰাজ্যখনৰ দুটাকৈ পৃথক স্থান বিল্লুপুৰাম জিলাত ৭ জন আৰু চেংগলপট্টু জিলাত সংঘটিত এই ভয়াৱহ ঘটনাত মহিলাসহ ১১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে অবৈধ সুৰা সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে (Many arrested in connection with liquor smuggling)। লগতে এই ঘটনাৰ তদন্তৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত চাৰিজনকৈ আৰক্ষী বিষয়াক নিলম্বিত কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে (Police officer suspended for neglect of duty)।

ৰাজ্যখনৰ উত্তৰ মণ্ডলৰ জ্যেষ্ঠ আৰক্ষী বিষয়া কান্ননে(Senior Police Officer of North Zone)ঘটনাৰ বিযয়ে উল্লেখ কৰি কয় যে, ইতিমধ্যে ঘটনা সন্দৰ্ভত অবৈধ সুৰাৰ সৰবৰাহ আৰু বিক্ৰীৰ লগত জড়িত থকাৰ অভিযোগত তিনিজন সুৰা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । তাৰোপৰি কৰ্তব্যৰ সময়ত কৰা অৱহেলাৰ বাবে মেলমাৰুৱথুৰ থানাৰ পৰিদৰ্শক প্ৰেম আনন্দ, চিত্তমূৰ থানাৰ সহকাৰী পৰিদৰ্শক মোহানাসুন্দৰাম, আৰু মধুৰান্তকম নিষেধাজ্ঞা বলবৎকাৰী সংমণ্ডলৰ সহকাৰী পৰিদৰ্শক দুৰাইপাণ্ডিয়ানক সাময়িকভাৱে নিলম্বন কৰা হয় ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘটনাৰ বাবে মৃত্যু হোৱা মৃতকৰ পৰিয়াল আৰু আত্মীয়-স্বজনলৈ সমবেদনা জ্ঞাপন কৰিছে । লগতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম. কে. ষ্টেলিনে ঘটনাত প্ৰাণ যোৱা লোকসকলৰ পৰিয়ালৰ বাবে ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু চিকিৎসালয়ত চিকিৎসাধীনসকলৰ বাবে ৫০,০০০ টকাকৈ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক: Assam CM on Madrassa: অসমত আৰু ৩০০ মাদ্ৰাছা বন্ধ কৰিব চৰকাৰে !