Local, Vocal, Global

পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ;উচ্চতম ন্যায়লয়ে মঞ্জুৰ কৰে জামিন

ডিজিটেল ডেস্কঃ-:পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ। উচ্চতম ন্যায়লয়ে মঞ্জুৰ কৰে জামিন। পৰৱৰ্তী শুনানী নোহোৱা পৰ্যন্ত জামিন মঞ্জুৰৰ নিৰ্দেশ উচ্চতম ন্যায়লয়ৰ।দিল্লী বিমানবন্দৰৰ পৰা কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰধানমন্ত্ৰী সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল পৱন খেৰাই।

দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল খেৰাক।দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হৈছিল কংগ্ৰেছ নেতাজনক।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃক লৈ সংবাদ মেলত বিৰূপ মন্তব্য কৰিছিল খেৰাই। ইয়াকে লৈ পৱন খেৰাৰ বিৰুদ্ধে অসমৰ ১৫খন জিলাত ১৫টা গোচৰ ৰুজু হৈছিল। দিল্লী আৰক্ষীৰ ফালৰ পৰা এই সন্দৰ্ভত বিবৃতি জাৰি কৰা হৈছে।

এএনআইৰ মতে, দিল্লী আৰক্ষীয়ে কয় যে কংগ্ৰেছ নেতা পৱন খেৰাক দিল্লী বিমানবন্দৰত বিমানত উঠাত বাধা প্ৰদান কৰা হৈছিল, কিয়নো অসম আৰক্ষীয়ে তেওঁক বাধা দিবলৈ অনুৰোধ কৰিছিল।