Local, Vocal, Global

গুৱাহাটীৰ ডাবল মাৰ্ডাৰত ব্যৱহাৰ হোৱা দা উদ্ধাৰ

ডিজিটেল ডেস্কঃ-:গুৱাহাটীৰ ডাবল মাৰ্ডাৰত ব্যৱহাৰ হোৱা দা উদ্ধাৰ।স্বামী আৰু শাহুৱেকক হত্যা কৰি মেঘালয়ত পেলাই দিছিল মৃতদেহ।আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বন্দনাৰ শাহুৱেকৰ আৰু আৰু স্বামীৰ মৃতদেহ।মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে।আজি লোমহৰ্ষক হত্যাকাণ্ডৰ খলনায়িকা বন্দনা কলিতাক নুনমাটি থানালৈ নিয়া হৈছিল ।নুনমাটি থানাত জেৰা চলোৱা হৈছিল বন্দনাক।

এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ খলনায়িকা বন্দনা কলিতা আৰু দুই সহযোগীক লগত লৈ নাৰেংগীৰ বোন্দা অঞ্চলত চলাইছিল অভিযান।পুৱাই তিনি অভিযুক্তক নুনমাটি থানাত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জেৰা কৰাৰ পিছত চলোৱা হয় অভিযান।

অভিযানত বোন্দাজানত উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা খন। এখন দলঙৰ তলৰ পৰা উদ্ধাৰ কৰে দা খন। এই দাখনেৰেই বন্দনা আৰু দুই সহযোগীয়ে অমৰজ্যোতি আৰু শংকৰীক হত্যা কৰি টুকুৰা টুকুৰ কৰিছিল মৃতদেহ।
উল্লেখযোগ্য যে বন্দনাই পাথৰকোৱেৰীৰ এখন কমাৰৰ দোকানত বনাই আনিছিল এই দাখন। ৩৫০ টকাৰে দাখন কিনি আনিছিল বন্দনাই। যিখন দা ব্যৱহাৰ কৰা হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডত। হত্যাকাণ্ডৰ কৰি মৃতদেহ খণ্ড খণ্ড কৰাৰ পিছতে বোন্দাজান অঞ্চলত পেলাই দিছিল দা।