Local, Vocal, Global

আহি আছে ৰাফেল , অম্বালা এয়াৰ বেছ সাজু

*অহা জুলাই মাহত ৪ৰ পৰা ৬খন ৰাফেল যুদ্ধ বিমান ভাৰত আহি পোৱাৰ সম্ভাৱনা।
*অম্বালা এয়াৰ বেছত হ’ব প্ৰথম উৰণ

কাল কৰ’নাৰ সমানে সমানে এতিয়া প্ৰতিবেশী পাকিস্তানৰ লগতে নেপাল আৰু চীনৰ লগতো বিবাদ তুংগত উঠিছে ভাৰতৰ। এনে সময়তে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে এটা ভাল খবৰ। অহা জুলাই মাহৰ ভিতৰতে ভাৰতৰ ভূমিত নামিবহি ৰাফেল যুদ্ধ বিমান। এল অ’ চি আৰু এল এ চিত বিবাদ ক্ৰমে জটিল হৈ উঠা সময়তে প্ৰথম পৰ্যায়ত আহিব লগীয়া ৪-৬ খন ৰাফেল যুদ্ধ বিমান ২৭ জুলাইত অম্বালা আহি পাব বুলি ভাৰতীয় বায়ু সেনাৰ এক সূত্ৰই সদৰী কৰিছে। ইতিমধ্যেই গে’মচেঞ্জাৰ ৰূপে পৰিচিত বহু অস্ত্ৰ -শস্ত্ৰ ভাৰতৰ হাতত আনুষ্ঠানিক অৰ্পণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। স্কাল্প আৰু মেটেঅ’ৰ মিছাইল আহি পাইছে দেশ। তাৰ পিছত এতিয়া আগষ্ট মাহৰ প্ৰথম ভাগতে ভাৰতীয় এয়াৰ স্কোৱাদ্ৰনে ৰাফেল বিমান চমজি ল’ব। সূত্ৰটোৱে কোৱা মতে ভাৰতীয় বৈমানিকৰ দল এটাই ফ্ৰান্সৰ পৰা চলাই আনিব ৰাফেল যুদ্ধ বিমান। ফ্ৰান্সৰ পৰা আহি ব্ৰিটেইনৰ অল ডাফৰা এয়াৰ বেছত ৰাফেল বিমান প্ৰথমে অৱতৰণ কৰিব। তাতেই ইন্ধন আৰু টেকনিকেল ষ্টাফ উঠাই পোনে পোনে ভাৰতলৈ আহিব এই বহু চৰ্চিত যুদ্ধ বিমান। উল্লেখযোগ্য যে ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰা মুঠ ৩৬খন ৰাফেল বিমানৰ আটাইকেইখন ভাৰত আহি পাব ২০২২ চনৰ ভিতৰত। ইতিমধ্যে অম্বালাত এটা স্কোৱাদ্ৰণ সাজু হোৱাৰ বিপৰীতে পঃ বংগৰ হাসিমাৰাত আন এটা স্কোৱাদ্ৰণ সাজু কৰা হ’ব।