Local, Vocal, Global

পাটাছাৰকুছি সমষ্টিত অগপত ব্যাপক খহনীয়া

বিধানসভা নিৰ্বাচনলৈ মাজত কেইমাহমান থকাৰ সময়তে পাটাছাৰকুছি সমষ্টিত অসম গণ পৰিষদ দলত আৰম্ভ হৈছে ব্যাপক খহনীয়া৷ আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত অগপৰ ভোটান্ত সাদেৰী আঞ্চলিক সমিতি সভাপতি দুৰ্গেশ্বৰ ৰায় আৰু ভাৰপ্ৰাপ্ত সম্পাদক ঘনাকান্ত উজীৰসহ সমিতিখনে সকলো দলীয় বিষয় বাবৰ লগতে অগপৰ সাধাৰণ সদস্যৰ পদৰ পৰাও পদত্যাগ কৰা বুলি পাটাছাৰকুছি সমষ্টি বিধান পৰিষদৰ সভাপতি আৰু সম্পাদকলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে৷ আনহাতে সমষ্টিটোৰ বাঘমাৰা আঞ্চলিক সমিতিৰ সম্পাদক মহাদেৱ দাস আৰু উপ সভাপতি ইন্দ্ৰসেন কলিতায়ো আজি দলটোৰ বিষয়বাব তথা সাধাৰণ সদস্য পদ ত্যাগ কৰে৷ ইয়াৰোপৰি কিছুদিন পুৰ্বেও অগপৰ পাটাছাৰকুছি সমষ্টি বিধান পৰিষদৰ উপ সভাপতি হৰিধন লহকৰ, সহকাৰী সম্পাদক হেমেন কলিতা, বিত্ত সম্পাদক ধীৰেন চৌধুৰী, সাংগঠনিক সম্পাদক কংকন কলিতা, কাৰ্য্যনিৰ্বাহক সদস্য অপূৰ্ব্ব দেব চৌধুৰী, অগপৰ টিহু দেখাটা আঞ্চলিক সমিতিৰ সভাপতি হৰেকৃষ্ণ ডেকা, সম্পাদক টিকেন দাস, বৰ ভালুকী বালিপাৰা আঞ্চলিক সমিতিৰ সভাপতি ফটিক কলিতা, সম্পাদক কুসুম কুমাৰ কলিতা, বামুনকুছি আঞ্চলিক সমিতিৰ দীপক কলিতা, পাটাছাৰকুছি নগৰ আঞ্চলিক সমিতিৰ সভাপতি কিৰণ শৰ্মা, সম্পাদক প্ৰাণজিৎ হালৈ, উপ সভাপতি সুনীল গোস্বামী, সদস্য মিণ্টু চৌধুৰী, পাঠশালা নগৰৰ কুশল তালুকদাৰ, চম্পক তালুকদাৰ, নুৰ আলি, ডুবি আঞ্চলিক সমিতিৰ প্ৰবিত্ৰ শইকীয়া, প্ৰদীপ মালাকৰ, মুগুৰীয়া বামাখাটাৰ অনুপ তালুকদাৰ, বিধান পৰিষদৰ সদস্য প্ৰদীপ পাঠক, উদয় কলিতা, যুৱ পৰিষদৰ মাধৱ তালুকদাৰ, মানিকপুৰ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি নবোদয় কলিতা, শাঠিশামুকা আঞ্চলিক সমিতিৰ সুৰেণ ৰয় আৰু অসম যুৱ পৰিষদৰ প্ৰাক্তন কাৰ্যনিৰ্বাহৰ সদস্য গোলাপ তালুকদাৰ সহ কেবাগৰাকীয়ে অগপ দল ত্যাগ কৰে৷