Local, Vocal, Global

গৌৰৱোজ্বল পাটাছাৰকুছি বিদ্যাপীঠৰ জৰাজীৰ্ণ ৰূপ

১৯৩৫ চনতে স্থাপন হোৱা পাটাছাৰকুছি বিদ্যাপীঠৰ নাই সেই সোণালী দিন। ৰাজ্যৰ ভিতৰতে ৩১জনে স্থান পাইছিল বিদ্যালয়খনৰ পৰা। বিদ্যালয় গৃহৰ জৰাজীৰ্ণ ৰূপ। পুৰণিকলীয়া বিজ্ঞানাগাৰ, এজাক বৰষুণতে পাঠদান কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় বিদ্যালয়খনত। ৮০টা পদৰ বিপৰীতে খালী হৈ আছে ৩৮টা পদ।

গৌৰৱোজ্বল ইতিহাস বিজড়িত এখন নামজ্বলা বিদ্যালয় পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৩৫ চনতে স্থাপন কৰা বিদ্যালয়খনত সৌ সিদিনালৈকে নামভৰ্তি কৰিবলৈ হেতাওপৰা লাগিছিল ছাত্র-ছাত্রীৰ মাজত। পিছে ক’ৰবাত যেন হেৰাই গ’ল সেই সোণালী সুদিন।

পাটাছাৰকুছিৰ মাজ মজিয়াত অৱস্থিত জাকতজিলিকা পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰূপে খ্যাত বিদ্যালয়খনে জন্ম দিছে অনেক ব্যক্তিৰ। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীত ৩১জনে লাভ কৰিছে ৰাজ্যৰ ভিতৰত স্থান। বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰী, বৰ্তমানৰ নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, বিশিষ্ট চিকিৎসক ভৱদেৱ গোস্বামী ৰাজনীতিবিদ জয়ন্তমল্ল বৰুৱা আদিৰ দৰে গণ্য-মান্য ব্যক্তিয়ে এইখন বিদ্যালয়তে অধ্যয়ন কৰিছিল৷ পঢাশালিখনৰ পৰা অনেক চিকিৎসক, অভিযন্তা, অধ্যাপক, বিজ্ঞানীৰ জন্ম হৈছে। কিন্তু বৰ্তমান বিদ্যালয়খনৰ অৱস্থা তথৈবচ। এজাক বৰষুণতে পানীৰে ওপচি পৰে বিদ্যালয় চৌহদ। শ্ৰেণীকোঠাৰ জৰাজীৰ্ণ অৱস্থা। অতি পুৰণি গৃহবোৰৰ ভয়ানক অৱস্থা। আওপুৰণি বিজ্ঞানগাৰতে শিক্ষাগ্ৰহণ কৰে ছাত্র-ছাত্রীয়ে। উল্লেখ্য যে ৮০জন শিক্ষক-কৰ্মচাৰী থাকিবলগীয়া বিদ্যালয়খনত খালী হৈ আছে ৩৮টাকৈ পদ। অতি কমসংখ্যক শিক্ষকে চম্ভালিব লাগে পাঠ্যক্রম। বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ মান উন্নত কৰাত চৰকাৰৰ সহযোগিতা কামনা কৰিছে একাংশ সচেতন মহলে৷