ৰাভা দিৱসত মুখ্যমন্ত্ৰী, ২০২০ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান

কলাগুৰুৰ ৫১সংখ্যক মৃত্যু তিথিত ৰাজ্য চৰকাৰৰ উদ্যোগত ডিব্ৰুগড়ত পালন কৰা হয় বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰে আগবঢ়োৱা ২০২০ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু যশস্বী নৃত্যশিল্পী ঝৰ্ণা শইকীয়াক।
দুয়োগৰাকী বৰেণ্য শিল্পীয়ে ৰাজ্যৰ শিল্প-কলা জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। সাম্প্ৰতিক সমাজত কলাগুৰুৰ প্ৰাসংগিকতা সন্দৰ্ভতো ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।