Local, Vocal, Global

যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক, ৫ জুন : প্ৰত্যেক দিনাই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা দুৰ্ঘটনাৰ খবৰে স্থান লাভ কৰে।

মঙলবাৰে অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (BTR)ৰ অন্তৰ্গত গোসাইগাঁৱত সংঘটিত হোৱা দুৰ্ঘটনাত প্ৰায় ১২ জন লোক আহত হয়।

খবৰ অনুসৰি, গোসাইগাঁৱ দমৰাপাৰা অঞ্চলত এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল ।

পৰৱৰ্তী সময়ত, আহত লোকসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোসাইগাওঁৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

বৰ্তমান সময়লৈকে কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।