Local, Vocal, Global

অগ্ৰদূত বাতৰি কাকতৰ সোনালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেক্স ,৫ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুলাই বুধবাৰে আবেলি ৪.৩০ বজাত ভিডিঅ কনফাৰেন্সৰ জৰিয়তে অগ্ৰদূত গোটৰ সোণালী বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়ে।

অগ্ৰদূত কাকত খন এখন অসম দ্বি – সাপ্তাহিক। বিশিষ্ট সাংবাদিক কনক সেন ডেকাই অসমত অগ্ৰদূত কাকত খন প্ৰতিষ্ঠা কৰিছিল।

১৯৯৫ চনত দৈনিক অগ্ৰদূত কাকত খন আৰম্ভ কৰা হৈছিল আৰু এই বাতৰি কাকতখন অসমৰ এক বিশ্বাসী আৰু প্ৰভাৱশালী কন্ঠস্বৰ হিচাপে বিকশিত হৈছে।