Local, Vocal, Global

Parliament Security Breach : লোকসভাৰ কাৰ্যসূচী চলি থকাৰ মাজতে গেলাৰীৰ পৰা জাঁপ মাৰিলে যুৱকে

নিউজ ডেস্ক,১৩ ডিচেম্বৰ : লোকসভাত ঘটিল অঘটন । লোকসভাৰ কাৰ্যসূচী চলি থকাৰ মাজতে গেলাৰীৰ পৰা লোকসভাৰ মজিয়াত জাঁপ মাৰিলে যুৱকে(Security Breach In Parliament Gallery) ।

লোকসভাত নিৰাপত্তাৰ ক্ষেত্ৰত বৃহৎ সুৰুঙা । লোকসভাৰ কাৰ্যসূচী চলি থকাৰ সময়তে দুই যুৱকে হাতত ধোঁৱাজাতীয় সামগ্ৰী লৈ সদনৰ ভিতৰত সোমাই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । এই ঘটনাৰ পাছত লোকসভাৰ কাৰ্যসূচী স্থগিত ৰখা হয়। লোক দুজনে সদনৰ ভিতৰত ফ্লুৰোচেণ্ট গেছ ছটিয়ায়। যুৱককেইজনৰ পৰা ৰঙীণ বিস্ফোৰক সামগ্ৰী, স্প্ৰে আদি উদ্ধাৰ হয়। ইফালে সদনৰ বাহিৰতো দুই যুৱকে প্ৰতিবাদ সাব্যস্ত কৰে(
Parliament Security Breach)।

আজি লোকসভাৰ কাৰ্যসূচী চলি থকাৰ সময়তে দুটা পৃথক ঘটনা সংঘটিত হয়( Visitors Allegedly Release Foul Gas) ।

ইতিমধ্যে এই ঘটনাৰ পিছতে দিল্লী আৰক্ষীয়ে আটক কৰে ২ যুৱকক। আটকাধীন যুৱকৰ দুইজন সাগৰ আৰু অনমোল বুলি জানিব পৰা গৈছে। আটকাধীন যুৱক কেইজনক ইতিমধ্যে জেৰা চলাই থকা হৈছে।

মহীশূৰৰ সাংসদৰ জৰিয়তে লোকসভাত প্ৰৱেশ পত্ৰ লাভ কৰিছিল যুৱক দুজনে।

লগতে পঢ়ক :Mohan Yadav takes oath as Madhya Pradesh CM : বহু জল্পনা-কল্পনাৰ অন্তত মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’লে মোহন যাদৱে