Local, Vocal, Global

অৱশেত পাৰস সিঙক ইটানগৰলৈ অনা হ’ল

লুধিয়ানাস্থিত ইউটিউবাৰ, পাৰস সিঙক বৃহস্পতিবাৰে সন্ধিয়া অৰুণাচলপ্ৰদেশৰ ৰাজধানী ইটানগৰলৈ অনা হৈছিল তেওঁ অৰুণাচলৰ বিধায়ক নিনোং এৰিঙৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বাবে। জাতিগত উৎপীড়নৰ গোচৰৰ মাজত নিজকে বিচাৰি পোৱা পাৰাছক নিশা প্ৰায় ৮:৪৫ বজাত ইটানগৰলৈ অনা হৈছিল।এছআইটি দলৰ এছপি ৰোহিত ৰাজবীৰ সিঙে দিয়া তথ্য অনুসৰি, পাৰস এজন দশম শ্ৰেণীৰ ছাত্ৰ আৰু লুধিয়ানাত তেওঁৰ মাতৃৰ সৈতে বাস কৰে। খবৰ অনুসৰি, তেওঁ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী।আৰক্ষীয়ে কৈছে যে পাৰসে এই সত্যটো স্বীকাৰ কৰিছে যে তেওঁ উত্তৰ-পূবৰ ভূগোলৰ বিষয়ে অজ্ঞ আৰু তেওঁ তেওঁৰ কামৰ বাবে ক্ষমা বিচাৰে।তেওঁক আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ইটানগৰৰ স্থানীয় আদালতত হাজিৰ কৰোৱা হৈছিল আৰু এদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ ইউটিউব চেনেলত “পাৰস অফিচিয়েল” নামেৰে যোৱা পাৰস সিঙে দেওবাৰে পোষ্ট কৰা এটা ভিডিঅ’ত কংগ্ৰেছবিধায়ক নিনোং এৰিংক অভাৰতীয় বুলি অভিহিত কৰিছিল আৰু দাবী কৰিছিল যে “ৰাজ্যখন চীনৰ এটা অংশ”, যাৰ ফলত অৰুনাচল বাসীৰ লগতে দেশৰ আন প্ৰান্তৰ লোকসকলৰ মাজত হুলস্থূলৰ সৃষ্টি হয়।