Local, Vocal, Global

 হোৰাহোৰে বাঢ়িছে কণীৰ দাম

ক’ৰোনা যুদ্ধত জয়ী হোৱাৰ বাবে মহানগৰবাসীয়ে জীৱিকাৰ পথ একাষৰীয়া কৰি প্রচেষ্টা অব্যাহত ৰখাৰ মাজতে এচাম মুনাফাখোৰ ব্যৱসায়ীয়ে এটাৰ পাছত আনটো খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি কৰি সর্বসাধাৰণ লোকক মাধমাৰ শোধাইছে৷ বিশেষকৈ মিঠাতেল আৰু দাইলৰ পাছত কণীৰ দাম মহানগৰীৰ বজাৰত হোৰাহোৰে বাঢ়িছে৷ ক’ৰোনা মহামাৰীৰ গণ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি প্রশাসনে দিনৰ ১১ বজাৰ ভিতৰত সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ আৰু সান্ধ্য আইনৰ সুযোগ গ্রহণ কৰি অসাধু ব্যৱসায়ীয়ে নিজৰ ইচ্ছা অনুসৰি প্রতিটো কণীৰ দাম এটা সপ্তাহৰ ভিতৰতে দুই–তিনি টকা পর্যন্ত বৃদ্ধি কৰিছে৷ এসপ্তাহ পূর্বে মহানগৰীৰ বজাৰত ৫–৬ টকাত বিক্রী কৰা প্রতিটো কণী এতিয়া সর্বাধিক আঠ টকাত বিক্রী কৰিছে যদিও এইক্ষেত্রত চৰকাৰ–প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ একপ্রকাৰ মহানগৰীৰ বজাৰত হোৱা মূল্যবৃদ্ধি ৰোধ কৰাত ৰাজ্যৰ যোগান বিভাগ চূড়ান্ত ব্যর্থ হৈছে৷তদুপৰি ক’ৰোনা মহামাৰীৰ সময়ছোৱাত বহিঃৰাজ্যৰ পৰা অহা কণীভর্তি ট্রাকৰ ভাৰা পূর্বৰ তুলনাত বৃদ্ধি পোৱাৰ লগতে প্রচণ্ড গৰমত কার্টনে কার্টনে কণী বেয়া হোৱাৰ বাবে বজাৰত প্রতিটো কণীৰ দাম ২–৩ টকাকৈ বৃদ্ধি কৰা বুলি ব্যৱসায়ীসকলে দাবী কৰিছে৷ কিন্তু ক’ৰোনা মহামাৰীৰ সময়ছোৱাত পর্যাপ্ত পৰিমাণৰ মাছ–মাংসৰ যোগান নথকাৰ বাবে বহু মধ্যবিত্ত তথা নিম্ন মধ্যবিত্ত লোকে কণী ব্যৱহাৰ কৰি আহিছে৷ মিঠাতেল আৰু দাইলৰ লগতে কণীৰ অস্বাভাৱিক দাম বৃদ্ধি হোৱাত সর্বসাধাৰণ লোকে জীয়াতু ভুগিছে৷ ইয়াৰ পাছতো ৰাজ্যৰ যোগান বিভাগ কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷