Local, Vocal, Global

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত পঞ্চায়ত সভানেত্ৰীৰ পুনৰ গাদী দখল

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত পঞ্চায়ত সভানেত্ৰীৰ পুনৰ গাদী দখল ।

উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ স্থিতি অৱস্থা বাহাল ৰখাৰ নিৰ্দেশ ।

দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত অনাস্থা প্ৰস্তাৱৰ সন্মূখীন হোৱা ২০ নং বৰহাপজান গাঁও পঞ্চায়তৰ সভানেত্ৰী পিংকী মৰাণে পুনৰ সভানেত্ৰীৰ আসন লাভ কৰিছে । পঞ্চায়তটোৰ ৭ গৰাকীকৈ ৱাৰ্ড সদস্য-সদস্যাই সভানেত্ৰী পিংকী মৰাণৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ আনিছিল ।

পিংকী মৰাণ পদচ্যুত হোৱাৰ পিচত উপ-সভাপতি বুলবুল বৰাই পঞ্চায়তটোৰ ভাৰপ্ৰাপ্ত সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল কিন্তু ক্ষমতাচ্যুত পিংকী মৰাণে তেওঁৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ নীতি বহিৰ্ভূত হোৱা বুলি উচ্চ ন্যায়ালয়ত “ৰীট পেটিচন” দাখিল কৰে । পিংকী মৰাণৰ “ৰীট পেটিচন”ৰ আধাৰত ২৩ জুন তাৰিখে উচ্চ ন্যায়ালয়ে পূৰ্বৰ স্থিতি অৱস্থা বাহাল ৰখাৰ এক নিৰ্দেশ জাৰি কৰাত পিংকী মৰাণে পুনৰ পঞ্চায়তৰ সভানেত্ৰীৰ আসন দখল কৰে