Local, Vocal, Global

কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে এগৰাকী মহিলাই জন্ম দিলে এটি কন্যা সন্তান

এগৰাকী মহিলাই জন্ম দিলে এটি কন্যা সন্তান কৰিমগঞ্জ কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে । সন্তানটিয়ে লাভ কৰিব নে ভাৰতীয় নাগৰিকত্ব। এই লৈ চলিছে এতিয়া চৰ্চা । মহিলা গৰাকী বিদেশী তথা ম্যানমাৰৰ ৰহিঙীয়া তেওঁৰ নাম ৰচিদা বেগম।

বাংলাদেশৰ কক্সবজাৰৰ ৰহিঙীয়া কেম্পত আছিল স্বামীৰ সৈতে ৰচিদা বেগম । ছমাহ পূৰ্বে কক্সবজাৰৰ পৰা ত্ৰিপুৰা হৈ ভাৰতত প্ৰবেশ কৰিছিল । তাৰ পিছতেই চুৰৈবাৰী আন্ত ৰাজ্যিক সীমান্তৰে কৰিমগঞ্জত প্ৰৱেশ কৰে ।

প্ৰৱেশ কৰোতেই আৰক্ষীৰ হাতত আটক হব লগা হৈছিল । লগতে ৰচিদাৰ সৈতে আছিল আৰু তিনিটা সন্তান । ছয় মাহ ধৰি কাৰাগাৰত বন্দী হৈ আছিল ৰচিদা ।

ভাৰতৰ সংবিধান মতে জন্ম সূত্ৰে লাভ কৰিব নাগৰিকত্ব। আনহাতে ৩ ডিচেম্বৰ ২০০৪ ৰ পিছত ভাৰতত জন্ম লাভ কৰা শিশুয়ে পৃতি মাতৃ নাগৰিকত্ব সূত্ৰে হব ভাৰতীয় । অথবা শিশুৰ জন্মৰ সময়ত পিতৃ বা মাতৃৰ যিকোনো এজন ভাৰতীয় আনজন অনুপ্ৰৱেশকাৰী গণ্য নহ’লে শিশুটিয়ে পাব পাৰে নাগৰিকত্ব ।

কৰিমগঞ্জ জিলা কাৰাগাৰৰ অধীক্ষক জনোৱা মতে,কাৰাগাৰৰ ঠিকনা দি ৰসিচদাক চিকিৎসালয়ত ভৰ্তি কৰি ছিজাৰিয়ান কৰা হয় । ফলত সন্তানটিয়ে পাব পাৰে নাগৰিকত্ব । বৰ্তমান কৰিমগঞ্জ চিকিৎসালয়ত কাৰাগাৰৰ ঠিকনা চিকিৎসা হৈ আছে ।