WATCH | Panchayat Election : ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মুক্তা দেৱী মণ্ডলৰ হৈ ওলাই আহিল শ শ ৰাইজ
মঙলদৈ,৫মে’ : আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ অন্তিম দিন। আবেলি ৪ বজাৰ লগে লগে অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰৰ অন্তিম দিনটোত দৰং জিলাৰ ৭নং মোৱামাৰী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী চমক।
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মুক্তা দেৱী মণ্ডলৰ হৈ ওলাই আহিল শ শ ৰাইজ। বিশাল বাইক ৰেলীত ৰাইজে শ্ব ইচ্ছাই অংশগ্ৰহন কৰি বিজেপিক পৰাভূত কৰাৰ কৰাণে দলে বলে সাজু হৈ উঠিছে(Panchayat Election)।
বাইক ৰেলিত হাজাৰৰো অধিক বাইকেৰে মুক্তা দেৱী মণ্ডলে প্ৰচাৰ চলোৱা দেখা পোৱা যায়। মুক্তা দেৱী মণ্ডলে মোৱামাৰী জিলা পৰিষদ সমষ্টিত বাইক ৰেলিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। হাজাৰ হাজাৰ সমৰ্থকেৰে এই বিশাল ৰেলিত অংশগ্ৰহন কৰে দৰং জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰিজু মনি তালুকদাৰ, দৰং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আব্দুলা শেখ।
ৰাইজে এইবাৰ বিপুল ভোটত মুক্তা দেৱী মণ্ডলক জয়যুক্ত কৰিব দাবী কৰে উপ-সভাপতি ৰিজু মনি তালুকদাৰে।