Local, Vocal, Global

WATCH | Panchayat Election : কাইলৈ ৰাজ্যত প্ৰথম পঞ্চায়ত নিৰ্বাচন

নগাঁও,১মে’ : কাইলৈ ৰাজ্যত প্ৰথম পঞ্চায়ত নিৰ্বাচন। ১৪খন জিলাত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। নগাঁও জিলাৰ ৮৪ নং শেনচোৱা গাঁও পঞ্চায়ত জিলা পৰিষদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধ্ৰৱজ্যোতি ৰাজাই প্ৰাৰ্থীত্ব আগবঢ়াইছে।

ৰাজ্যৰ চৌদিশে চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ(Panchayat Election)।

নগাঁও জিলাৰ ৮৪ নং শেনচোৱা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ( কাউন্সিলাৰ) পদৰ প্ৰাৰ্থী শিশুৰাম দাস , ১৪ নং কাছমাৰি জিলা পৰিষদৰ সদস্য পদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ধ্ৰৱজ্যোতি ৰাজাৰ লগতে ৮৪ নং শেনচোৱা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ চাদ্দাম হকে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

উল্লেখ্য যে, প্ৰাৰ্থীকেইগৰাকী শেনচোৱা গাঁও পঞ্চায়তৰ এলেকাধীন বিভিন্ন সমস্যাৰ সমাধান কৰাৰ স্বাৰ্থত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। লগতে প্ৰাৰ্থী কেইগৰাকী ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে।

লগতে পঢ়ক : WATCH | Gelakey News : নাজিৰাত সন্ধানহীন উদিয়মান কন্ঠশিল্পী মিন্টু হাজৰিকা