Local, Vocal, Global

Pakistani national Seema Haider: মুম্বাই আৰক্ষীলৈ ২৬/১১ৰ দৰে মুম্বাই আক্ৰমণৰ ভাবুকি

নেশ্যনেল ডেস্ক, ১৩ জুলাই: বুধবাৰে কোনো অচিনাক্ত ব্যক্তিয়ে ফোনযোগে মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ কক্ষলৈ ফোন কৰি মুম্বাইৰ ২৬/১১ ৰ দৰে ভয়াৱহ আক্ৰমণ চলোৱাৰ ভাবুকি প্ৰদান কৰা বুলি জনাইছে মুম্বাই আৰক্ষীয়ে(Unidentified person threaten Mumbai police)।

মুম্বাই আৰক্ষীয়ে উল্লেখ কৰা মতে, “কালি মুম্বাই আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষ(Mumbai Traffic Police Control Room)লৈ এটা ভাবুকিমূলক ফোন আহিছিল, য’ত ফোন কৰাজনে উল্লেখ কৰিছিল যে যদিহে পাকিস্তানী নাগৰিক সীমা হাইদৰ পাকিস্তানলৈ ঘূৰি নাহে, তেন্তে ২৬/১১ ৰ দৰে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সাজু হওক ।”

লগতে আৰক্ষীয়ে কয়, বৰ্তমান মুম্বাই আৰক্ষী আৰু অপৰাধ শাখাই বিষয়টোৰ ওপৰত তদন্ত চলাই আছে ।

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে সীমা হাইদৰ নামৰ পাকিস্তানী মহিলাগৰাকীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গ্ৰেটাৰ নয়ডাত থকাৰ খবৰ পোৱাৰ পাছতেই সন্ধান উলিয়াই নয়ডা আৰক্ষীয়ে সন্তানসহ তেওঁক গ্ৰেপ্তাৰ কৰিছিল । পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে আদালতৰ পৰা জামিন লাভ কৰে । ইয়াৰ পিছতে মহিলাগৰাকীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজৰ উপাধি সলনি কৰিছিল ।

সীমা হাইদৰ হৈছে এগৰাকী পাকিস্তানী নাগৰিক (Pakistani national Seema Haider) যি PUBG খেলি খেলিয়েই প্ৰেমত পৰিছিল ভাৰতৰ এজন যুৱকৰ সৈতে । ইয়াৰ পিছতে এইগৰাকী মহিলাই নিজৰ চাৰিটা সন্তানৰ সৈতে নেপাল হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি যোৱা কিছু দিন ধৰি নিজৰ প্ৰেমীক সংগীৰ সৈতে গ্ৰেটাৰ নয়ডাত থাকিবলৈ লৈছিল ।

লগতে পঢ়ক: Seema Haider News : সীমা হাইদৰৰ সন্দৰ্ভত পাক সন্ত্ৰাসবাদীৰ ভাবুকি, “সীমাক পাকিস্তানলৈ ঘূৰাই দিয়ক, অন্যথা হিন্দু মহিলাক…”