Same Sex Marriage: প্ৰেমৰ বাবেই যুৱতীয়ে কৰিলে লিংগ পৰিৱৰ্তন, ২ প্ৰেমিকাৰ বিবাহ পঞ্জীয়নৰ বাবে আদালতত আবেদন

নেশ্যনেল ডেস্ক, ১৩ জুলাই: প্ৰেমৰ বান্ধোন । এই প্ৰেমৰ বান্ধোনত পৰিয়েই সমাজৰ সকলো নিষেধাজ্ঞাক একাশৰীয়া কৰি দুই বান্ধবীয়ে এতিয়া বিয়াত বহাৰ বাবে সিদ্ধান্ত লৈছে । ইতিমধ্যে বিবাহপাশত আবদ্ধ হোৱাৰ বাবেই দুই বান্ধবীৰ মাজৰে এগৰাকীয়ে নিজৰ লিংগ সলনি কৰিছে (Sex change for love) । ইয়াৰ পিছতে তেওঁলোকৰ বিয়াখন পঞ্জীয়ন কৰাবৰ বাবে আবেদন কৰে এছডিএম আদালতত (Marriage registry application) । এতিয়া এই সন্দৰ্ভত এছডিএমৰ আদালতে মতামত বিচাৰি পত্ৰ লিখিছে চৰকাৰী অধিবক্তালৈ ।
উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘটনাটো । এটা ব্যক্তিগত খণ্ডত কৰ্মৰত দুয়োগৰাকী বান্ধবীৰ মাজত আছিল বন্ধুত্বৰ সম্পৰ্ক । লাহে লাহে এই বন্ধুত্বই ৰূপ ললে প্ৰেমৰ সম্পৰ্কৰ আৰু ইয়াৰ পিছতে তেওঁলোকে বিবাহপাশত আবদ্ধ হোৱাৰ বাবে সিদ্ধান্ত লয় (Two girlfriends want to marry each other)।
প্ৰাপ্ত তথ্য অনুসৰি, তেওঁলোকৰ মাজৰ এগৰাকী যুৱতী বদাউনৰ বাসিন্দা আৰু আনগৰাকী হৈছে বাৰেলীৰ বাসিন্দা । প্ৰথমে কাৰ্যালয়ত সাধাৰণভাৱেই তেওঁলোকৰ মাজত হৈছিল চা চিনাকি । লাহে লাহে দুয়োৰে মাজত হোৱা কথা-বতৰাৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ সম্পৰ্ক এক সুন্দৰ বন্ধুত্বলৈ পৰিণত হয় । অতি কম সময়ৰ ভিতৰত তেওঁলোকৰ বন্ধুত্ব ইমানেই গভীৰ হৈ পৰে যে,ই শেষত প্ৰেমলৈ ৰূপান্তৰিত হয় ।
যুৱতী দুগৰাকীৰ পৰিয়ালকৰ লোকে এই কথা জানিব পাৰি তেওঁলোকৰ এই সম্পৰ্কক কোনোপধ্যেই মানি ল’ব পৰা নাছিল । দুয়োপক্ষৰ পৰিয়ালে তেওঁলোকৰ মাজত হোৱা প্ৰেমৰ এই সম্পৰ্কৰ বিৰোধিতা কৰিলে যদিও বিয়াত বহিবলৈ দৃঢ়প্ৰতিজ্ঞ দুয়োগৰাকী প্ৰেমিকাই পৰিয়ালৰ বিৰোধিতা সত্ত্বেও বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰে (Girlfriends decided to get married) ৷ সেয়েহে দুয়োৰে বিয়াখন শীঘ্ৰেই আদালতত পঞ্জীয়ন কৰি আইনী স্বীকৃতিৰে পতি পত্নী হিচাপে থাকিবৰ বাবে আবেদন দাখিল কৰি এছডিএমৰ আদালতৰ কাষ চাপিছে ।
এছডিএম সদৰৰ পঞ্জীয়গৰাকীয়ে উল্লেখ কৰা অনুসৰি, “বিশেষ বিবাহ আইনৰ অধীনত আমালৈ এখন আবেদন আহিছে (Application for registration of marriage) । এই আইন অনুসৰি, কোনোৱে যদি নিজৰ বিবাহ পঞ্জীয়ন কৰিব বিচাৰে তেন্তে এছডিএমৰ ওচৰত আবেদন জনাব পাৰে । এই আইনৰ অধীনতে আমালৈ এখন আবেদন আহিছে । এই ক্ষেত্ৰত যিহেতু লিংগ পৰিৱৰ্তনৰ পিছতহে তেওঁলোকে আবেদন কৰিছে গতিকে বিবাহখন পঞ্জীয়নক লৈ আইনী মতামত বিচৰা হৈছে । কাৰণ এনে ধৰণৰ ঘটনা পূৰ্বে আমাৰ কাষলৈ অহা নাছিল ।, সেয়েহে আমি আইনী বিধানখিনিক অনুসৰণ কৰিহে বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰিম ।”
লগতে পঢ়ক: Pakistani national Seema Haider: মুম্বাই আৰক্ষীলৈ ২৬/১১ৰ দৰে মুম্বাই আক্ৰমণৰ ভাবুকি